Sunday, February 20, 2022

প্ৰতিভাৰ ভিত্তি

 'গুৰুপদ নুভুলিবি মন তই'  - এইবুলি গুৰুভক্তিৰে অনুপ্ৰাণিত এগৰাকী মানুহ। তেওঁ হ'ল ব্ৰজাঙ্গী আই আৰু গোপাল আতাৰ কণ্যা পদ্মাপ্ৰিয়া।আই পদ্মাপ্ৰিয়া আছিল এগৰাকী প্ৰতিভাশালী নাৰী। প্ৰথম অসমীয়া মহিলা কবি ৰূপে খ্যাত আই পদ্মাপ্ৰিয়া হৈছে ভৱানীপুৰীয়া গোপাল আতাৰ সুযোগ্য জীয়ৰী যাৰ জৰিয়তে নাৰী সমাজে ভক্তিৰ সাধনা কৰিবলৈ সুযোগ লাভ কৰিছিল। গোপাল আতাই স্হাপন কৰা ভৱানীপুৰ সত্ৰৰ জৰিয়তে নিচেই কম বয়সতে প্ৰেৰণা লাভ কৰা আই পদ্মাপ্ৰিয়া এগৰাকী ধাৰ্মিক মহিলা আছিল।তেওঁ দক্ষতাৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল এখন 'মহিলাৰ সত্ৰ'। কেৱল সেয়াই নহয় স্বতাধিকাৰৰ লালসাক উলাই কৰি বিদূষী ৰূপত প্ৰতিষ্ঠা লাভ কৰা এইগৰাকী নাৰীয়ে ধৰ্মাচাৰ্য্যৰ আসনক আকাঙ্খা নকৰি কেৱল শিষ্য প্ৰশিক্ষণ দিয়াৰ সৎ মানসেৰে তেওঁ ধৰ্মভ্যাস কৰিছিল। এইদৰেই তেওঁ সমাজক দিবলৈ চাইছিল প্ৰাকৃতিক ভাৱে সু-সম্পদা ভৱানীপুৰৰ বাঢ়ৈমাৰা নামৰ জানটোৰ কাষৰিত এক যথোচিত ধৰ্মমহল।কিন্তু দুৰ্ভাগ্যজনকভাৱে পিতাক আৰু জীয়ৰীৰ সহযোগেৰে আৰু উমৈহতীয়াকৈ প্ৰতিষ্ঠা কৰা ভৱানীপুৰ সত্ৰ আৰু কালজাৰ সত্ৰ স্হাপন কৰাৰ পিছতেই পদ্মাপ্ৰিয়াই জীৱনকালৰ শেষ কালছোৱা যথেষ্ট আক্ষেপ আৰু অনুশোচনাৰে ভুগিছিল। কোনো কোনোৱে ক'ব বিচাৰে যে শেষৰ কালছোৱা তেওঁ নিজাকৈ ধৰ্মস্হান নিৰ্মাণ কৰি ধৰ্মচৰ্চা কৰিছিল।

দেখা যায় যে, নাৰীৰ বাবে এটা জীৱন সাথঁৰ হৈ ৰোৱাৰ উদাহৰণ এক স্বাভাৱিক পৰিঘটনা। যিদৰে আই পদ্মাপ্ৰিয়াই নিজ প্ৰচেষ্টাৰে উচ্চ শিক্ষিত হোৱাৰ পিছতো জীৱনটোক এক সাঁথৰৰ ৰূপতেই অৱশেষত আৱিষ্কাৰ কৰিছিল ঠিক সেইদৰে এখন সুকীয়া সত্ৰ স্হাপনেৰে তেওঁ এটা পোহৰৰ বাট দেখুৱাই গৈছে। দেৱীত্ব গুনেৰেই পৰিপূৰ্ণ আছিল তেওঁ আৰু সেয়ে হয়তো তেওঁৰ মৃত্যুত সমাবেশ হৈছিল অসংখ্য ভকত ভকতনীৰ  আৰু অবিৰামভাৱে বৈ পৰা অজস্ৰ কাতৰ উশাহ। তৎস্বত্ত্বেও, তেওঁক 'ধৰ্মৰক্ষক' বা 'ধৰ্মাচাৰ্য্য' ৰ আখ্যা সমাজে দিব নুখুজিলে। সেয়ে ভক্তসমাজে তেওঁক অৱশেষত প্ৰথম মহিলা কবি, গীতিকাৰ, গায়িকা তথা বিদূষী হিচাপে এক মৰণোত্তৰ স্বীকৃতি দিছিল। 

সেয়েহে তেওঁৰ অন্ত্যোষ্টি ক্ৰিয়া সমাপন কৰা ঠাইডোখৰে হয়তো বহুবাৰ বিনাই বিনাই আকৌ সেই বিননিৰ ৰোল বহু সাৱধানে বতাহত মিলি যায়। সেই বতাহে কঢ়িয়াই কঢ়িয়াই প্ৰতিবাৰেই লৈ যায় 'পল্লা' নৈৰ পাৰলৈ। ঠিক সেইদৰে যিদৰে মাক ব্ৰজাঙ্গীয়েও আই পদ্মাক কৈছিল---

'নদীখনৰ নাম পল্লা, আই।মানস অভয়াৰণ্যৰ এখন বিলৰ পৰা নৈখনৰ উৎপত্তি।বাৰ মাহে নৈত পানী থাকে বাবে পাৰৰ বাসিন্দাৰ নৈখন দৈনন্দিন জীৱনৰ সহচৰী। মোৰ ঘৰৰ পৰা পঞ্চাশগজমান দূৰত,এটা লুঙলুঙীয়া বাটেৰে নৈলৈ যাব পাৰি আৰু পথৰ দুয়োফালে সৰু-ডাঙৰ বিভিন্ন বনৰীয়া গছ-বাখাতিতা,ভেণ্ডেৰা,ঘোৰানিম,আজাৰ আদি।বাখতিতাৰ গছবোৰত বগাই আগুৰি ৰাখিছে আকাশীলতাই।মাজে মাজে জামেনী বনবোৰেও নিজৰ....'

ভকতসৱৰ যেতিয়া বৰচোতালত সমূহীয়া পালনাম এভাগ হয়, সকলোৱে সেই স্হানত পদ আওৰাব লয় আৰু  কৌশল্যাহ'তে এই ছেগতে বহাপীৰাৰ পৰাই আঁৰকাপোৰৰ পৰাই একেলগে 'আই' ক  কোঁৱৰে আৰু চেষ্টা কৰে আনিবলৈ  মনত  সেই একেই  'ভক্তি' ৰ ভাৱ-নানা অনুভৱ আৰু আলোচৰ জৰিয়তে।যি ভক্তিৰ শক্তিৰেই তেওঁ এদিন ত প্ৰতিষ্ঠা পালে আৰু এক সৃষ্টিশীল ধৰ্মীয় কাব্য প্ৰতিভাৰেই এদিন তেওঁ অমৰো হ'ল ইত্যাদি আৰু আটায়ে একেস্বৰে গুণগুনাই-'গুৰুপদ নুভুলিবি মন তই..' ।

(অন্ত)


(ড০ অমিয়া মহন্ত ৰচিত জীৱনভিত্তিক উপন্যাস 'পদ্মাপ্ৰিয়া' ৰ পৰা অনুপ্ৰাণিত হৈ সৃষ্টিশীল জগতখনৰ আতঁ বিচাৰি যাওঁতে লিখা একলম)

No comments:

Post a Comment