Sunday, February 13, 2022

সাতোটা চম্পা আৰু এটা পাৰুল ফুলৰ সাধু

এখন ৰাজ্যত মায়ঙী নামেৰে এখন যাদুকৰী আৰু মায়া লগা গাওঁ আছিল। গাঁওখনৰ কথাবোৰ বৰ বিচিত্ৰ আছিল। গাঁওখনৰ চাৰিসীমাৰ ভিতৰত কি মানুহ কি জীৱজন্ত্তু কি নদ নদী বা পাহাৰ ভৈয়াম-সকলোবোৰেই কথা বতৰা কৰিব পাৰিছিল। যাদুকৰী সেই গাওঁখনক আকালতো ভাতে লগ নেৰিছিল। এইদৰে সকলো দিশৰ পৰাই সেই ৰাজ্যৰ ৰজাজন বৰ সৌভাগ্যবান আৰু সমৃদ্ধশালী আছিল। ৰজাৰ বিশালকায় ৰাজপ্ৰসাদটোত তেওঁৰ ছয়জনী ৰাণী আছিল। লগতে আছিল হাজাৰ হাজাৰ লগুৱা লিক্চৌ আৰ অশ্বাৰোহী। ইমানবোৰ সুখ সুবিধা থকাৰ পিছতো ৰজাৰ মাত্ৰ এটাই দুখ আছিল যে, ইমান সমৃদ্ধিশালী হৈয়ো ৰজা নিঃসন্তান আছিল। ৰজাৰ মনটোও বহু দুখ আৰু অশান্তিৰে ভৰি পৰিছিল। কেৱল ৰজাই নহয়, গোটেই ৰাজ্যখনৰ প্ৰশাসকৰ মাজতো সেই একেটা কাৰণতেই বহুত অশান্তি আছিল। জহকালি এদিনৰ কথা। পুৱতি নিশা ৰজাই এটা সপোন দেখিলে। সপোনত তেওঁ দেখিলে যে আৰু এবাৰ যদি ৰজাই বিয়া কৰায়, তেন্তে সেই সপ্তম পত্নীৰ পৰা তেওঁ সন্তানৰ মুখ দেখিব পাৰিব। সন্তানৰ আশাত সেয়েহে তেওঁ আৰু এবাৰ বিয়া পাতিলে। নতুন কইনা দেখা পাই বাকীবোৰ ৰাণীৰ অতিপাত খং উঠিল। আগৰ ছয়োগৰাকী ঘৈণী স্বভাবতেই খুব অহংকাৰী আৰু চকুচৰহা বিধৰ আছিল। বিপৰীতে, সৰু ৰাণী কিন্তু খুব শান্ত আৰু নম্ৰ স্বভাৱৰ আছিল। সেয়েহে সৰু ৰাণীক ৰজাই বেছিকৈ মৰম কৰিছিল। সেয়েহে বাকী কেইজনী ৰাণীয়ে তাইক চকুপাৰি দেখিব নোৱাৰিছিল। তাৰ পিছত এদিন সৰু ৰাণী সন্তান সম্ভবা হ'ল।সেই সুখতে ৰজাই প্ৰজাৰ বাবে ৰাজকোষ আৰু ৰাজভান্ডাৰ খুলি দিলে যাতে প্ৰয়োজন সাপেক্ষে সকলোৱে ধনসোন আদি নিব পাৰে।চাওঁতে চাওঁতে সন্তান জন্ম পোৱাৰ সময় চাপি আহিল। ছয় ৰাণী আৰু লগতে এজনী গৃহপৰিচাৰিকাক লগত লৈ প্ৰসাদত সকলোৰে উগুলথুগুল লাগিল। ইফালে বাহিৰত ৰজাই সন্তানৰ মুখ চাবলৈ ৰৈ থাকিল।অজ্ঞান অৱস্থাতেই সৰু ৰাণীয়ে সাতোটা লৰা আৰু এজনী কণ্যা সন্তানৰ জন্ম দিলে। হিংসাতেই ছয় ৰাণীয়ে চক্রান্ত কৰি জন্মৰ পিছতেই সেয়েহে সন্তানবোৰ এটা এটাকৈ পানীত উটুৱাই দিলে। সৰু ৰাণীৰ অজ্ঞান অৱস্থাৰ সুযোগ লৈ প্ৰাসাদত কোৱা হ'ল যে ৰাণীয়ে গৰ্ভৰ পৰা সাতটা বেং আৰু এটা এন্দুৰৰহে হেনো জন্ম দিছে! এই কথা শুনি ৰজাই সৰু ৰাণীক ঘৰৰ পৰা বাহিৰ কৰি দিলে। তাৰ পিছত দিনবোৰ সৰু ৰাণীৰ অবিহনে সেইদৰে পাৰ হ'বলৈ ধৰিলে আৰু চাৰিওকাষ নিমাওমাও হৈ পৰিল। এনেতে এদিন, ৰাজবাগানৰ মালীজন সেই চহৰলৈ পূজাৰ বাবে বাগানলৈ  ফুল তুলিবলৈ আহিল। বাগানখনত মালীয়ে দেখিলে যে, এডাল গছত সাতোটা চম্পা আৰু মাত্ৰ এটা পাৰুল ফুল ফুলি আছে। তেতিয়া ৰজাই ততালিকে আদেশ দি ক'লে যে, এইখিনিয়েই নিয়া যাওঁক। তাৰ পিছত মালীয়ে ফুল আনিবলৈ গ'ল।ফুল আনিবলৈ যাওঁতে এক আচৰিত ঘটনা ঘটিল-যিমানেই মালীয়ে ফুল তুলিবলৈ বুলি হাতখন ওপৰলৈ নিয়ে, সিমানেই গছৰ ঠাল-ঠেঙুলিবোৰ ওপৰলৈ গুছি গুছি যায়! এইদৰে মালীয়ে চেষ্টা কৰি থকাৰ মাজত তৎক্ষণাৎ গছডালে মাত দি উঠিল। গছডালে এইদৰে কথা কবলৈ আৰম্ভ কৰিলে-


"যদি ৰজা নাহে তেনেহ'লে এই গছৰ ফুল ছিঙিব  নোৱাৰি"। 


গছে মাত মতা শুনি মালীয়ে ৰজাৰ কাষলৈ ভিৰাই লৰ দিলে। মালীৰ মুখত এনে অদ্ভুত কথা শুনাৰ পিছত ৰজা ৰাজবাগানখনলৈ লৱৰি আহিল। কিন্তু ৰজা অহাৰ পিছত গছডালে পুণৰ মাত দি ক'লে -

"ডাঙৰ ৰাণী নাহিলে ফুল ছিঙিব নোৱাৰি"। 


ডাঙৰ ৰাণী অহাৰ পিছত ক'লে -

"মাজু ৰাণী নাহিলে ফুল ছিঙিব নোৱাৰি"। 


তাৰ পিছত নৃত্য পটিয়সী ৰাণীৰ নাম লয়। এইদৰে, সকলো ৰাণীৰ এজনী এজনীকৈ গছডালে নাম লবলৈ ধৰিলে। ৰাণীবোৰ আহি উপস্হিত হোৱাৰ পিছত সাতোটা চম্পা ফুলে এইবাৰ মাত দি উঠিল। ফুলবোৰে ক'বলৈ ধৰিলে-


"বনবাসলৈ যোৱা দুখুনী সৰু ৰাণী নাহিলে কোনেও ফুল ছিঙিব নোৱাৰিব!"


সেয়েহে, সাতোটা চম্পা ফুলৰ কথামতে সৰু ৰাণীক আনিবলৈ ৰজাই অশ্বাৰোহীক পঠিয়াই দিলে। ইফালে সৰু ৰাণীৰ কাপোৰ ছিঙি উঁৱলি যোৱা অৱস্থা।সেই বেশেৰেই ৰাণীয়ে ফুল ছিঙিবলৈ বুলি হাত আগবঢ়ালত লগে লগে গছৰ পৰা ফুলবোৰ গুছি মানুহ হৈ সাতোটা ৰাজপুত্ৰ আৰু এজনী ৰাজকন্যাৰ ৰূপেৰে তললৈ নামি আহিল। সিহঁতে 'মা' 'মা' বুলি 'আটাহ' লবলৈ ধৰিলে। সেই ডেডাউৰিয়া শুনি সৰু ৰাণীয়ে সকলোকে কাষ চপাই ললে। তাৰ পিছত সিহঁতে ৰাণীসকলৰ অপকৰ্মৰ কথাবোৰ এটা এটাকৈ কবলৈ ধৰিলে। তেনে দুষ্পাপ আৰু অমানৱীয় কথাবোৰ শুনি ৰজাৰ ভীষণ খং উঠিল। ৰজাই তাৰ পিছত এটা ডাঙৰ আৰু দ' খাৱৈ খন্দুৱাই তাত এসোপামান কাঁইট, জেং দি ৰাণীকেইজনীক পুতি থলে। এইদৰে ৰজাই সেই ৰাজ্যত ৰাজমেল পাতি ন্যায়ৰ বিচাৰ কৰিলে। তাৰ পিছত ৰাজ্যত প্ৰজাও সুখে সন্ত্তোষৰে দিন কটাবলৈ ললে। 

আচলতে সিহঁতবোৰক যদিওবা মাৰি পেলোৱা হৈছিল, সিহঁতবোৰ আচলতে মৰি যোৱা নাছিল। বৰং ফুলৰ ৰূপ লৈ গছৰ ডালত জীয়াই আছিল আৰু সৰু ৰাণী অহালৈ বাট চাই আছিল।এইদৰে, সৰু ৰাণীৰ সৎগুণৰ বাবে তেওঁ সেই দেওঁলগা জয়াল ঠাইতো নিজৰ পৰিয়ালৰ সাতোটা সদস্যক ফুলৰ পৰা মানুহ কৰি পুণৰ জীয়াই আনিলে আৰু নিজৰ ৰাজ্যখনত হেঁচা মাৰি ধৰা এটা অভিশাপ এনেদৰেই খণ্ডন হ'ল।



No comments:

Post a Comment