Wednesday, November 17, 2021

"প্ৰকৃত সত্যৰ আগত পৰাজয় স্বীকাৰ কৰা"

 

এজন বৰ ধনী মানুহ আছিল তেওঁৰ এটা ল'ৰা আছিল সি সৰুৰে পৰা বৰ মৰমত ডাঙৰ হৈছিল সুখ সুবিধা পোৱাৰ বাবে সি একো কৰিবলগীয়া হোৱা নাছিল এইদৰে তাৰ জীৱনটো কামবন নোহোৱা এজন এলেহুৱা লোকৰ দৰে হৈ পৰিছিল পিতাকে বহুত বুজোৱাৰ পিছতো তাৰ জীৱনত একো এটা সালসলনি নহ'ল সকলো সম্বন্ধীয় ভাই-ভনীয়ে এদিন তাক ঘৰৰ পৰা বাহিৰ কৰি দিলে সিহঁতে ক'লে যে যি মানুহে নিজৰ কাৰনে একো নকৰে, তাক গোটেই জীৱন বহুৱাই খুৱাব নোৱাৰি পিতাক আৰু পৰিয়ালৰ অবিহনে ল'ৰাটো এনে ঠাইলৈ যাবলৈ ওলায়, য'ৰ ঠিকনা সি নিজেও নাজানে।বাটত আগবাঢ়ি যাওঁতে তাৰ প্ৰচণ্ড ভোক লাগিল। তাৰ ঠিক পিছতেই সি এখন বাগিছা দেখা পালে। 


তাৰ পিছত সি দেখিলে যে বাগিছাখনৰ মালী গছৰ তলত নিহ্পালী দি শুই আছে। সেয়েহে সি সেইটোৱেই মনে মনে ফল ছিঙি খোৱাৰ উপযুক্ত সময় বুলি ভাবি লৈ আম পাৰিব ধৰিলে। সেয়েহে, সি বাগিছাৰ পৰা দুটা আম পাৰি খাবলৈ ধৰোঁতেই মালীয়ে তাৰ এই দুঃসাহসীকতাৰ উমান পালে। মালীয়ে তাক খেদি গ'ল। সি পলাই পত্ৰং দিলে। এনেতে দৌৰি দৌৰি সি এখন ঘোৰ অন্ধকাৰ হাবিত সোমাল। সি পুৱাৰ পৰা একো খোৱা নাছিল সেয়ে দুৰ্বল অনুভৱ কৰিলে আৰু ঠিক তেতিয়াই এটা কুকুৰ দেখিলে। তাৰ পিছত, সি লক্ষ্য কৰিলে যে কুকুৰটো তাতকৈও দুৰ্বল আৰু সেই বিশাল আৰু ঘন হাবিত এটা অকলশৰীয়া প্ৰাণী আছিল। এনেতে সি সিংহৰ গৰ্জন শুনিলে। তাৰ পিছত সি দেখিলে এটা সিংহ তাৰ ফালে চেঁচা লৈ দৌৰি আহি আছে। সি তৎক্ষণাৎ ওচৰৰ গছজোপা বগাই ওপৰলৈ উঠিল আৰু তললৈ চাই থাকিল। ইয়াৰ পিছত সি যিটো দৃশ্য দেখিলে, তাৰ পিছত সি ইমান হতবাক হ'ল যে, সি পুনৰাই ঘৰলৈ উভতি যাবলৈ বাধ্য হ'ল। সি দেখিলে যে প্ৰচণ্ড বেগত অহা সিংহটোৱে তাৰ মুখত লৈ অহা এমোকোৰা মাংসৰ অলপ কুকুৰটোক দিলে আৰু অলপো সময় নৰখি, তাৰ পিছত আগুৱাই গৈ থাকিল। সেই দৃশ্যটোৱে তাক ইমান আচৰিত কৰি তুলিলে যে সেই ঘন বননিৰ মাজত তেতিয়া ৰাতিপুৱা পুৱালে সি গমেই নাপালে। সি ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত ললে। ঘৰৰ পৰা সেইদৰে গুছি অহাৰ বাবে মনে মনে অনুশোচনাত দগ্ধ হ'ল। 

এতেকে প্ৰকৃত সত্যৰ আগত পৰাজয় স্বীকাৰ কৰিলে জীৱনৰ ভূলসমূহ বুজি পোৱাৰ লগতে নিজৰ সিদ্ধান্ত আৰু সামৰ্থ্যৰ প্ৰতিও অগ্ৰসৰ হব পাৰে।