Friday, June 5, 2020

পৰিৱেশৰ স্থিতিস্থাপকতাত কলা-শিল্প: এক গণমাধ্যম


আনুষ্ঠানিকতা আৰু বিশ্ব পৰিবেশ দিৱস:

(১)

আজি বিশ্ব পৰিৱেশ দিৱস।আমি আমাৰ জীৱনত এৰাই চলিব নোৱাৰা অন্যতম এক বিষয় হৈছে- 'পৰিৱেশ'।এই পৰিৱেশ আৰু ইয়াৰ অধ্যয়নৰ জৰিয়তে সমস্ত জীৱ-জগতৰ সত্তোলন,ভূতত্ত্বৰ গাথঁনি ইত্যাদি আমি বুজি পাওঁ আৰু ইয়াৰ লগে লগে আমাৰ প্ৰকৃতিৰ প্ৰতি থকা ধাৰণাটো কট্‌কটীয়া হয়।

খুউব সাধাৰণভাৱে যদি বুজিবলৈ চাওঁ,ভূ-তত্ত্বৰ ধাৰণাটোৰে আমি প্ৰকৃতিস্থিত মৌলিক পাচোঁটা উপাদান অৰ্থাৎ বায়ু,পানী,জুই,মাটি আৰু আকাশ এইকেইটাকেই বুজো।সমান্তৰালভাৱে, মানুহৰ শৰীৰতো এই পাচোঁটা উপাদানৰ সন্তুোলনতহে শৰীৰটোৱে সুস্থতা বজাই ৰাখিব পাৰে।তাৰ পিছত ইয়াৰ নিয়ন্ত্ৰনহে গুৰুত্বপূৰ্ণ যাতে সামাণ্য অপ্ৰাকৃতিক আভাস বা প্ৰাকৃতিক পৰিৱৰ্তনে আমাৰ মনত উৎসাহ দিয়ে।কিবা এটা পদক্ষেপ লবলৈ আমাক এইদৰে সচেষ্ট কৰি তোলে।এনে পৰিৱৰ্তনে হয়তো প্ৰাকৃতিকভাৱে দুৰ্যোগ নতুবা আতিশায্যতা আৰু অসহায় পৰিস্থিতিৰো সৃষ্টি কৰিব পাৰে। সঁচৰাচৰ পৰিৱেশেৰে অভ্যাসগ্ৰস্ত হৈ পৰা প্ৰচণ্ড ৰদ-বৰষুণৰ প্ৰকোপ আৰু এইদৰে সঘনাই সংঘটিত হৈ থকা খৰাং-বানপানীৰ সমস্যা ইত্যাদি এই ক্ষেত্ৰত প্ৰণিধানযোগ্য।মানৱজাতি আজিকোপতি এনে প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা হাতসাৰিবলৈ অপাৰগ।গতিকে প্ৰাকৃতিক চিন্তা আৰু প্ৰকৃতিৰ লগত একাত্মবোধ হোৱাৰ বাদে কোনো বিকল্প দৰাচলতে নাই বুলিয়েই একপ্ৰকাৰৰ ক'ব লাগিব।এডাল বৃক্ষৰ পৰা লাভ কৰা উপকাৰ,গুণাগুণ বা অন্তৰ্নিহিত জ্ঞানৰ অনুভৱ কৰাও এক প্ৰাৰম্ভিক পয্যায়ৰ চেতনা।এডাল বৃক্ষ,তাৰ বয়স তাৰ পৰোপকাৰিতা আৰু দিয়া এটা নিৰ্মল আনন্দৰ আগত অৱশিষ্ট সকলো সমৃদ্ধিয়েই বিকল নহয়নে?এনে ভাৱ অহাটো খুবেই স্বাভাৱিক।

কিন্তু, ভালদৰে ফঁহিয়াই চালে দেখিবলৈ পাম এনে আন্তৰিকতা আৰু জ্ঞানসমূহো পুৰণি প্ৰবচন,আৰু ৰীতি-নীতি বা নীতি-নিয়ম এই সকলোবোৰৰ মাজতেই নিহিত হৈ আছে। অৰ্থাৎ প্ৰকৃতিয়ে দিয়া দুৰ্যোগৰ সমাধানো প্ৰকৃতিৰ মাজতেই আছে।মাথো বৰ্তমান এনেবোৰ মুখ-বচনৰ অভ্যাস আৰু প্ৰচলনৰহে আহুকাল আৰু সেয়ে আমি সৰু-ডাঙৰ প্ৰায় সকলোধৰণৰ প্ৰাকৃতিক সমস্যা সমাধান কৰিবলৈ অপাৰগ হৈ উঠো।

আমাৰ ধ্যান আৰু ধাৰণা সেয়ে সম্পূৰ্ণ প্ৰাকৃতিক চিন্তাৰ আধাৰত নতুবা তেনে দিশৰ ফালেহে গঢ় লোৱা উচিত।

থোৰতে, পৰিৱেশ- সন্দৰ্ভত বচন দুফাঁকি উল্লেখ কৰিলো-

(ক)উত্তৰে গৰু দক্ষিণে চৰু পূৱে হাঁহ পশ্চিমে বাহ।
(খ)আগফালে তেতেলী পিছফালে ঔ,সেই ঘৰ উছন হ'বৰে নৌ।
(গ)ছয় পো বাৰ নাতি,সেয়েহে চালো কুঁহিয়াৰ খেতি।
(ঘ)সাতে তনু পাচেঁ ঘন,ছয়ত তামোল নদন-বদন।

ইত্যাদি।

এইদৰে পৰিৱেশৰ লগত আমি আদান-প্ৰদান,আত্মীয়তা আৰু এটা এৰাব নোৱাৰা পুৰণি সংযোগ লৈ ফুৰোঁ।সেয়ে বুদ্ধিদীপ্ততা আৰু জ্ঞানৰো বিকাশ হয় গছৰ ছাঁয়াতেই আৰু সেয়ে উদ্ভাষিত কৰিবলৈ সক্ষম হোৱা যিকোনো নিৰাশাগ্ৰস্ত মন আৰু চেতনাৰ অংশীদাৰো গছডালেই।

(২)
এই শতিকাত পোৱা চুড়ান্ত প্ৰত্যাহ্বান আৰু প্ৰকৃতিস্থ অনুভৱ তথা দায়বদ্ধতাৰ চিন্তাৰে একাষাৰ:

ব্যক্তিগতভাৱে আৰু শেহতীয়াভাৱে সমূহীয়াকৈও (মহামাৰী কৰোণাক্ৰান্ত বিশ্বখন) আমি পৰিৱেশৰ এক দুৰ্দান্ত ভয়াবহতাৰ সন্মুখীন হ'লো। আকৌ প্ৰকৃতিৰ মাজলৈ ঘূৰি অহাৰ পৰ্যায়টোক নিজস্ব কৰ্মৰাজিৰ এটা সংকলনৰ সংগতিৰে উদ্ধৃত কৰিব ওলাইছো।বিশ্ব পৰিৱেশৰ এই দিৱস আচলতে পুৰণি  দিনবোৰৰ পৰিৱেশবোৰো ঘূৰি চোৱাৰ দিন।

পৰিৱেশ অধ্যয়ন পৰিপেক্ষিতত যোৱা বৰ্ষত গোটাদায়েক কিছুমান আত্মসচেতন কলাকুশলী এটা নিৰ্দিষ্ট স্থানত একলগ হয় আৰু 'পৰিৱেশ' ৰ কল্যাণকামিতাৰ হেতু এটা গঠনমূলক আৰু বাস্তৱমুখী কাৰক, সমস্যা আৰু তাৰ সমাধানসমূহ অৱগত কৰিবলৈও আগবাঢ়ি আহে।  'পুণঃনিৰ্বিকতা' ৰ এটা উত্তৰ আধুনিকতাবাদৰ দুৰ্বিপাকত /খামখেয়ালিৰ মাজত্‌ একলগ হোৱা সেই সমস্যা বা চিন্তাৰ সমিধানক আজি বিশ্ব দৰবাৰে স্বীকৃতি দিছে আৰু আমি সকলো অংশীদাৰী সদস্যই আজি নিজ নিজ সংস্কৃতিৰ ওপৰত কৃতজ্ঞ।

কলাৰ প্ৰায়োগিক দৃষ্টিৰে যিকোনো কলা যে এক মাধ্যম বা সৰ্বাংগীনভাৱে যে উত্তম তাত আজি আৰু অন্ততঃ এই শতিকাত কোনো দ্বিধা নাই।চাৰিওবেৰৰ সীমাত প্ৰদৰ্শিত কলা আজি আকৌ লোকমাধ্যম ৰূপে থিয় দিছে যেতিয়া গোটেই বিশ্ব হৈ সন্মুখীন হৈছে এটা বিশাল সংকট অৱস্থাৰ। উল্লেখ কৰিব ওলাইছো তিনিটি কলাম্পদ, যি বিভিন্ন কলাৰ মাধ্যমত এটা "বিষয়-ধাৰণা' ত অধ্যয়ন,সৃষ্টি,সংৰক্ষণ আৰু শেহতীয়াকৈ প্ৰয়োগ শৈলীৰে এটা বিজ্ঞানভিত্তিক বাৰ্তা দিছে আৰু অন্যহাতে ইয়াৰ আধাৰো যথেষ্ট অধ্যৱসায়সূচক।

অৰণ্যৰ দেৱী অৰণ্যানীৰ সম্পূৰ্ণ সফলতাৰ পিছত এইবছৰ ক'ব খুজিছো সমন্বিত কলা-পদ্ধতিত সংৰচিত 'ওজাপালি'। এইবাৰৰ বিষয়-বস্তু আছিল 'পৰিৱেশ পৰিক্ৰমাত বতৰ'।এই অনুসূচীত আগবাঢ়িব যাওঁতে প্ৰথমেই প্ৰয়োজন হৈছিল এখন 'conference' ৰ। য'ত জমা হোৱা গৱেষণা পত্ৰসমূহৰ 'সামৰণিৰ মন্তব্য'  ত আমি পাইছিলো 'এটা উপযুক্ত আৰু খৰতকীয়া কলা মাধ্যম' ৰ প্ৰয়োজনীয়তা যাৰ জৰিয়তে আৱশ্যকীয় বিজ্ঞান-তথ্য সমূহ প্ৰচাৰ তথা কায্যতঃ হ'ব পাৰে। ভাৰতীয় সৃষ্টিশৈলী আৰু কৰ্ম দৰ্শনৰ লগত বিষয়বস্তুৰ 'সমমৰ্মিতা' আছিল ইয়াৰ মুখ্য উদ্দেশ্য।

কলাৰ যাত্ৰা অসীম।অনুসন্ধান আৰু প্ৰয়োগৰ দৃষ্টিকোনে কলাক সদায় এক নতুন ৰূপ দিয়ে।এই কৰ্মৰাজিও  আছিল তেনে কলাৰ এটা 'স্থিতিস্থাপক' অৱস্থালৈ যাত্ৰাহে। ই এহাতে যিদৰে কলাৰ এক সমন্বিত শিক্ষণ,আনহাতে ক্ষেত্ৰভিত্তিক আৰু কাৰ্যকৰীও।এই গোটদায়ক চিন্তা আৰু পৰিচালনাৰ গুৰি ধৰিছিল বিশিষ্ট বৈজ্ঞানিক শ্ৰী মতী নৱনীতা বৰা ই। পৰিচালনাৰ এই সমীহ্মাটোত সহযোগ কৰিছিল সামাঞ্জ্যস্য অন্যান্য বিভাগৰ ব্যক্তিসমূহে। আলোচনাৰ প্ৰথম পৰ্য্যায়ত মুখ্যতঃ এটা তুলনামূলক অথচ জলবায়ু পৰিবৰ্তনৰ আভাস দাঙি ধৰে ড০বৰাই। এই আলোচনাৰ মাজেদি আমি গম পাবলৈ সক্ষম হও যে পৰিবেশ উপাদানৰ ভৌতিক, ৰাসায়নিক পৰিৱৰ্তনৰ ফলত বিনষ্ট হোৱা পাৰিপাৰ্শ্বিক অৱস্থাৰ নিয়ন্ত্ৰন আৰু ইয়াৰ উপায় বৰ্তমানে এক গুৰুত্বপূৰ্ণ বিষয়। কিন্তু কেনেকৈ?

(২)
সমসাময়িকভাৱে কিছু মৌলিক তথ্য আৰু হাতপুথিও যুগুতালো যদিওবা আজিকালি এইবোৰ ইণ্টৰনেট সেৱাত উপলব্ধ। এইদৰে পদাৰ্থবিজ্ঞানৰ অৰ্ণিনয়তাবাদ,কাৰ্য-কাৰণ আৰু অনিশ্চয়তাবাদ, গতিশীলতত্ত্ব এই শব্দসমূহৰ লগতো পৰিচয় ঘটে। পৰিৱেশ সম্বন্ধীয় বিশেষকৈ বতৰ-বিজ্ঞান বিষয়টোত সোমাই পৰোঁতে এইটো কথা গম পোৱা গ'ল যে বেছিভাগ সময়তেই যুক্তিশীল চিন্তাই  কায্য-কাৰণৰ সম্পৰ্ক নিৰ্ণয় কৰিবলৈ অসমৰ্থ।কিন্তু কথাটো আমি উৰুৱাই দিলেও নহ'ব।এনে কৰা মানে বিজ্ঞানৰ অপমৃত্যুহে ঘটোৱা।হয়তো কিছুমান কাৰ্য বা ঘটনাৰ কাৰণ বা প্ৰভাৱ এটি সৰ্বোচ্চ শক্তিয়েহে জানিব পাৰে।তেনে ক্ষেত্ৰত অৱশ্যে বিজ্ঞানী নিলচ্‌-ব'ৰে এটা বিপৰীত মন্তব্যহে দিছিল।তেওঁ কৈছিল-'কায্য কাৰণৰ পৌৰাণিক ধাৰণা আৰু এই ধাৰণাৰ প্ৰতি এই দৃষ্টিভংগী সলনি কৰাটো এটা বাস্তৱ প্ৰয়োজন'।তেওঁ অৱশ্যে মন্তব্যও দিছিল যে সমসাময়িক হাইজেনবাৰ্গ,ফ্ৰিটুজ'ফ কাপ্ৰা ইত্যাদি বৈজ্ঞানিকসকল সন্নাসীৰ দ্বাৰা প্ৰভাৱান্বিত।তথ্যমতে,হাইজেনবাৰ্গে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সৈতেে ভাৰতীয় দৰ্শনৰ লগত দীঘলীয়া আলোচনা কৰিছিল।আৰু সেই আলোচনাসমূহে তেওঁক কোৱাণ্টাম বিজ্ঞানৰ গৱেষণাতো বহুত সহায় কৰিছিল।গতিকে,ই এইকাৰণে বিভ্ৰান্তিকৰ হ'ব নোৱাৰে,কিয়নো কিছুমান সম্পূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক গোটে ইমানদিনে এনেধৰণৰ মনোভাৱ পোষণ কৰি আহিছে।  তাৰোপৰি অদ্বৈতবাদ (বেদান্ত) সমৰ্থন কৰিছিল এই বিজ্ঞানীসকলেও। কিন্তু হয়তো তেওঁলোকে দ্বৈতবাদৰ ওপৰত গুৰুত্ব নিদিলে যিটো কেৱল 'গীতা' নামৰ হিন্দুগ্ৰন্থত অধ্যয়ন কৰিব পাৰি।
তথাপি, বিজ্ঞানীসকলে, নিজে প্ৰতিপালন দি লাভ কৰা তত্ত্ববোৰ অবৈজ্ঞানিক বুলি কোৱা মানে পদাথ্ববিজ্ঞানৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাহে হ'ব।এইদৰে আমি জুকিয়াই চোৱাৰ পিছতো আৰু এটা পয্যায়ত আমি উপস্থিত হওঁ য'ত সমান্তৰালভাৱে পাওঁ 'চেতনা' আৰু 'বৈজ্ঞানিক পয্যবেক্ষণ' নামক দুটি শব্দ। সেয়ে 'পয্যবেক্ষণকাৰী বৈজ্ঞানিক চেতনা অনিশ্চয়তাৰ গুপ্ত কাৰণ আৰু এই চেতনায়ে পৰীক্ষাটোৰ ফলাফল নিৰ্ভৰ কৰে'।
কলা-সমন্বিত পদ্ধতি:
এই পদ্ধতিত অংশগ্ৰহণকাৰীয়ে  ‘বতৰ বিজ্ঞান’ ৰ এটা সমীক্ষা আৰু পৰিসংখ্যাৰ আধাৰত ভৱিষ্যত সংকটৰ আগজাননী হেতু এটা ‘পৰিৱেশন’ (performance) ৰ পৰিচালনা কৰে। এই পৰিৱেশনৰ জৰিয়তে বতৰ-বিজ্ঞান আৰু তাৰ বাবে লবলগীয়া প্ৰাথমিক পয্যায়ৰ সচেতনাসমূহ ওজাপালি সংগীতৰ মাধ্যমেৰে দেখুওৱা হয়।পদ সংৰচনা,নৃত্যক্ৰম,মজু কাৰিকৰী কলা,আৰু প্ৰেৰক-বাহকৰ এটা পৰম্পৰাগত ধাৰণা লৈ ওজাপালি যুক্ত সংগীত পৰিৱেশন কৰে।ইয়াৰ ৰস সঞ্চাৰণত আছিল ভয়ানক আৰু কৰুণ ৰস আৰু সাম্ভাব্য বিভাৱ বিস্তৃতি। যাৰ জৰিয়তে পৰিৱেশনকাৰী ওজাপালি শিল্পীয়ে বৰ্তমানে ভৃ-পৃষ্ঠ,সাগৰ পৃষ্ঠ আৰু পৰিৱেশ অৱস্থা ইত্যাদিৰ বৈজ্ঞানিক সত্যতা আৰু সংকটময় পৰিণামসমূহ গীত-মাত আকাৰে উপস্থাপন কৰে।এই ওজাপালি সংগীত যি অতীতৰ পৰা সদায়েই গণমাধ্যম ৰূপত মানৱ-কল্যাণৰ হকে সচেতনতা আগবঢ়াই আনিছে, নিঃসন্দেহে বিজ্ঞানভিত্তিক তথ্য আৰু প্ৰকাৰন্তৰে সাৱধানতা আৰু যথোচিত পদক্ষেপ লোৱাত সহায়ক হ’ব।তেনে ক্ষেত্ৰত কলাসমূহৰ সৃষ্টিশীল প্ৰক্ৰিয়াৰে পাঠ ৰচনা কৰাতো বাধ্যতামূলক।অন্যহাতে, সংযোজন হোৱা লোককলা ‘পাইটকাৰ’ এক নুৰা-চিত্ৰকলা (স্ক্ৰোল আৰ্ট) য’ত শিল্পীয়ে পৌৰাণিক দৃশ্যমান বৰ্ণনাময়ী বৃত্তান্তৰে পৰিৱেশনটোক এক মাত্ৰা দিছে আৰু সচেতন হোৱা বিষয়টোত/ দিশটোত ই একমাত্ৰ আনুভৱিক চাক্ষুষ প্ৰামাণ্য।