Sunday, February 20, 2022

প্ৰতিভাৰ ভিত্তি

 'গুৰুপদ নুভুলিবি মন তই'  - এইবুলি গুৰুভক্তিৰে অনুপ্ৰাণিত এগৰাকী মানুহ। তেওঁ হ'ল ব্ৰজাঙ্গী আই আৰু গোপাল আতাৰ কণ্যা পদ্মাপ্ৰিয়া।আই পদ্মাপ্ৰিয়া আছিল এগৰাকী প্ৰতিভাশালী নাৰী। প্ৰথম অসমীয়া মহিলা কবি ৰূপে খ্যাত আই পদ্মাপ্ৰিয়া হৈছে ভৱানীপুৰীয়া গোপাল আতাৰ সুযোগ্য জীয়ৰী যাৰ জৰিয়তে নাৰী সমাজে ভক্তিৰ সাধনা কৰিবলৈ সুযোগ লাভ কৰিছিল। গোপাল আতাই স্হাপন কৰা ভৱানীপুৰ সত্ৰৰ জৰিয়তে নিচেই কম বয়সতে প্ৰেৰণা লাভ কৰা আই পদ্মাপ্ৰিয়া এগৰাকী ধাৰ্মিক মহিলা আছিল।তেওঁ দক্ষতাৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল এখন 'মহিলাৰ সত্ৰ'। কেৱল সেয়াই নহয় স্বতাধিকাৰৰ লালসাক উলাই কৰি বিদূষী ৰূপত প্ৰতিষ্ঠা লাভ কৰা এইগৰাকী নাৰীয়ে ধৰ্মাচাৰ্য্যৰ আসনক আকাঙ্খা নকৰি কেৱল শিষ্য প্ৰশিক্ষণ দিয়াৰ সৎ মানসেৰে তেওঁ ধৰ্মভ্যাস কৰিছিল। এইদৰেই তেওঁ সমাজক দিবলৈ চাইছিল প্ৰাকৃতিক ভাৱে সু-সম্পদা ভৱানীপুৰৰ বাঢ়ৈমাৰা নামৰ জানটোৰ কাষৰিত এক যথোচিত ধৰ্মমহল।কিন্তু দুৰ্ভাগ্যজনকভাৱে পিতাক আৰু জীয়ৰীৰ সহযোগেৰে আৰু উমৈহতীয়াকৈ প্ৰতিষ্ঠা কৰা ভৱানীপুৰ সত্ৰ আৰু কালজাৰ সত্ৰ স্হাপন কৰাৰ পিছতেই পদ্মাপ্ৰিয়াই জীৱনকালৰ শেষ কালছোৱা যথেষ্ট আক্ষেপ আৰু অনুশোচনাৰে ভুগিছিল। কোনো কোনোৱে ক'ব বিচাৰে যে শেষৰ কালছোৱা তেওঁ নিজাকৈ ধৰ্মস্হান নিৰ্মাণ কৰি ধৰ্মচৰ্চা কৰিছিল।

দেখা যায় যে, নাৰীৰ বাবে এটা জীৱন সাথঁৰ হৈ ৰোৱাৰ উদাহৰণ এক স্বাভাৱিক পৰিঘটনা। যিদৰে আই পদ্মাপ্ৰিয়াই নিজ প্ৰচেষ্টাৰে উচ্চ শিক্ষিত হোৱাৰ পিছতো জীৱনটোক এক সাঁথৰৰ ৰূপতেই অৱশেষত আৱিষ্কাৰ কৰিছিল ঠিক সেইদৰে এখন সুকীয়া সত্ৰ স্হাপনেৰে তেওঁ এটা পোহৰৰ বাট দেখুৱাই গৈছে। দেৱীত্ব গুনেৰেই পৰিপূৰ্ণ আছিল তেওঁ আৰু সেয়ে হয়তো তেওঁৰ মৃত্যুত সমাবেশ হৈছিল অসংখ্য ভকত ভকতনীৰ  আৰু অবিৰামভাৱে বৈ পৰা অজস্ৰ কাতৰ উশাহ। তৎস্বত্ত্বেও, তেওঁক 'ধৰ্মৰক্ষক' বা 'ধৰ্মাচাৰ্য্য' ৰ আখ্যা সমাজে দিব নুখুজিলে। সেয়ে ভক্তসমাজে তেওঁক অৱশেষত প্ৰথম মহিলা কবি, গীতিকাৰ, গায়িকা তথা বিদূষী হিচাপে এক মৰণোত্তৰ স্বীকৃতি দিছিল। 

সেয়েহে তেওঁৰ অন্ত্যোষ্টি ক্ৰিয়া সমাপন কৰা ঠাইডোখৰে হয়তো বহুবাৰ বিনাই বিনাই আকৌ সেই বিননিৰ ৰোল বহু সাৱধানে বতাহত মিলি যায়। সেই বতাহে কঢ়িয়াই কঢ়িয়াই প্ৰতিবাৰেই লৈ যায় 'পল্লা' নৈৰ পাৰলৈ। ঠিক সেইদৰে যিদৰে মাক ব্ৰজাঙ্গীয়েও আই পদ্মাক কৈছিল---

'নদীখনৰ নাম পল্লা, আই।মানস অভয়াৰণ্যৰ এখন বিলৰ পৰা নৈখনৰ উৎপত্তি।বাৰ মাহে নৈত পানী থাকে বাবে পাৰৰ বাসিন্দাৰ নৈখন দৈনন্দিন জীৱনৰ সহচৰী। মোৰ ঘৰৰ পৰা পঞ্চাশগজমান দূৰত,এটা লুঙলুঙীয়া বাটেৰে নৈলৈ যাব পাৰি আৰু পথৰ দুয়োফালে সৰু-ডাঙৰ বিভিন্ন বনৰীয়া গছ-বাখাতিতা,ভেণ্ডেৰা,ঘোৰানিম,আজাৰ আদি।বাখতিতাৰ গছবোৰত বগাই আগুৰি ৰাখিছে আকাশীলতাই।মাজে মাজে জামেনী বনবোৰেও নিজৰ....'

ভকতসৱৰ যেতিয়া বৰচোতালত সমূহীয়া পালনাম এভাগ হয়, সকলোৱে সেই স্হানত পদ আওৰাব লয় আৰু  কৌশল্যাহ'তে এই ছেগতে বহাপীৰাৰ পৰাই আঁৰকাপোৰৰ পৰাই একেলগে 'আই' ক  কোঁৱৰে আৰু চেষ্টা কৰে আনিবলৈ  মনত  সেই একেই  'ভক্তি' ৰ ভাৱ-নানা অনুভৱ আৰু আলোচৰ জৰিয়তে।যি ভক্তিৰ শক্তিৰেই তেওঁ এদিন ত প্ৰতিষ্ঠা পালে আৰু এক সৃষ্টিশীল ধৰ্মীয় কাব্য প্ৰতিভাৰেই এদিন তেওঁ অমৰো হ'ল ইত্যাদি আৰু আটায়ে একেস্বৰে গুণগুনাই-'গুৰুপদ নুভুলিবি মন তই..' ।

(অন্ত)


(ড০ অমিয়া মহন্ত ৰচিত জীৱনভিত্তিক উপন্যাস 'পদ্মাপ্ৰিয়া' ৰ পৰা অনুপ্ৰাণিত হৈ সৃষ্টিশীল জগতখনৰ আতঁ বিচাৰি যাওঁতে লিখা একলম)

Saturday, February 19, 2022

সঁচাৰ কাঠী-এক সন্ধান

 মিছিঙ বাইদেউ তই কেনে আছ'?


আই.চি.ইউ.ত থাকোতেই মোৰ মনৰ কথা বুজি পোৱা সেই গহীন অথচ মৰমিয়াল মিছিং নাৰ্ছবাইদেউজনীৰ বা কি খবৰ!সংযোগ হেৰাই যোৱা বাইদেউজনী এ মোক যে ইমান বুজি পাইছিল! কিমান ধৰণেৰে যে মোৰ কাৰণে ডাক্তৰৰ পৰা গালি শপনি সহ্য কৰিছিল !তেওঁৰ গাত কোনো দোষ নাই আৰু মোক বুজাইছিলো যে কিমান সুন্দৰ কৈ-কেৱল মইহে জানো !আন কোনোবা হোৱাহেতেন, মোক চাগৈ গালি শপনি পাৰি কি কৰিলে হয় ঠিক নাই! প্ৰায়ে মনত পৰে আমাৰ -তেওঁৰ মৰমসনা বুজনিবোৰ-এতিয়া বা কোনজন ৰোগীক লৈ সেই আই.চি.ইউ.বোৰত, শুশ্ৰূষাত ব্যস্ত তেওঁ!! আলি আই লৃগাং আহিলেই মোৰ মনত পৰে তেওঁলৈ-আকাশ মাৰ্গত ফাগুণৰ সেই শিমলু ফুলৰ জুই হেন লানিধৰা বৰ্ণমালা আৰু  সবাতোকৈ সাহসী এজনী মিৰি জীয়ৰীৰ মুখ এখন-তেওঁ খুব কম কথা কয়। প্ৰায়েই মনে মনে থাকে! বহু দিন সময় কটালো মই সেই আই. চি .ইউ বোলা হাস্পাতালৰ ৰুমটোত। কিন্তু বাইদেউৰ লগত কোনোদিনেই পতা নহ'ল মিৰি জীয়ৰীৰ সাধু কথাবোৰ। মই এদিন খুব বিচাৰিলো তেওঁক, কিন্তু লগ নাপালোঁ। তেওঁ কৰবাত হেৰাই গ'ল বুলি মোৰ ভোক পিয়াহ নাই- কিন্তু বহুত চেষ্টা কৰিও মই তেওঁক লগ নেপালোঁ। এই নোপোৱাতেই ফাগুণ মোৰ আপোন হৈ উঠিল। বাইদেউজনী বুধবাৰৰ কিছুদিন আগৰ পৰাই ডিউটিত নাহে। 

মোৰ ভাৱ হয় তেওঁ এইবাৰো লৃগাংৰ সময়ত ডিউটিত অহা নাই।এইবাৰ তেওঁ যিকোনো প্ৰকাৰে 'গুমৰাগ্' কৰিবইই কৰিবহ্! তেওঁ নিশ্চয় হেপাঁহ ঢালি এইবাৰ আকৌ শৈশৱ আৰু যৌৱনকাল সোঁৱৰিছে। ঠিক মোক দৰৱপালি দিয়াৰ আগত যিদৰে শৈশৱছোৱাক মনত পেলাবলৈ কয়-আৰু মই নিমিষতে সেইবোৰ ভাবি থাকোঁতেই যে তেওঁৰ চিঞঁৰ এটা মাৰে- ফিনিছছছ্ বুলি!!লগে লগে কয়-পুৰঅঅ খুব ভাল পেছ্যেণ্ট ইত্যাদি। আকৌ কয়-"এইয়া চোৱা-হৈ গ'ল চেলাইনটো ফিটিং।গম পালা জানো?দুখেই নাপালাচোন! "

"বৰ টেঙৰ তেওঁ! বৰ ভালো তেওঁ!! -কিন্তু মোৰ সেইবোৰ দৰকাৰ নাই। মনেৰে ভাবো, 'মিছিঙ বাইদেউ তই কেনে আছ'?

আই.চি.ইউ.ত থাকোতেই মোৰ মনৰ কথা বুজি পোৱা সেই গহীন অথচ মৰমিয়াল মিছিং নাৰ্ছবাইদেউজনীৰ বা এতিয়া কি খবৰ! সদায় ভাবো। মই জানো তেওঁ এইবাৰো ডিউটিত অহা নাই।এইবাৰ তেওঁ যিকোনো প্ৰকাৰে 'গুমৰাগ্' কৰিবইই কৰিবহ্! তেওঁ নিশ্চয় হেপাঁহ ঢালি আজি আকৌ এবাৰ শৈশৱ সোঁৱৰিব। তেওঁৰো যে হেঁপাহৰ পথাৰখন চাই চাই চকু নিজুৰোৱা আৰু 'ভাগিব নাজানো ককালটো' বুলি আগবাঢ়ি কৰিবলৈ অহা 'চঃমান' নৃত্যটো টো কিমান শুৱনি! প্ৰকৃতিৰ মাজত কৰিব পৰা নৃত্যৰ মাদকতাই বেলেগ। তেওঁৰ নিজৰেই কিমান আনন্দ লাগে চাগে বীজবোৰ 'ৰুৱা- সিঁচা' ৰ নৃত্যটো কৰোঁতে- তেওঁৰ নিজৰেই অশলাগ ভৰিদুখন- পথাৰৰ বহল পৰিধিটো মনতেই সুমুৱাই লব পৰা বিধৰ হৈ যায় নিশ্চয়ই সময়খিনি! 

আৰু যে কাষতেও থাকে একোজনী- পিছে পিছে কেতিয়ানো আহি চেওঁ ধৰিব খোজা বয়সীয়াল কঁকাল পৰাজনী! থিয় হৈ থাকে তেওঁ-বিষৰ বলত ভালেকৈ নাচিব নোৱাৰাৰ বেজাৰটো যে তেওঁৰ বহুত বেছি !তেওঁ কয় 'এনেকেহে ঘূৰাই বোলো এই 'দাকেঃ-কেঃনাক' বোলা টো' (মুদ্ৰা সেইটো)।

আৰু সেইবাৰ যে তেওঁ মোক ঔষধপালি বেজীৰে দিয়াৰ বাহানাৰে কি কি যে কৈছিল! কৈছিল -

"শস্যৰ বীজবোৰ গজালি মেলি মেলি যায়-লহপহকৈ বাঢ়ি বাঢ়ি যায়- বতাহত হালিজালি যায়-এবাৰ সোঁফালে, এবাৰ বাওঁফালে-দুয়োখন হাত ওপৰলৈ তুলি -এবাৰ সোঁফালে- আৰু এবাৰ বাওঁফালে-কনছাঙে ঐ"

তেওঁ সেইবাৰ গুমৰাগ নৃত্যৰ ঢোল-তালৰ  'লীনং' আৰু 'মাৰাবাং' বজাওতাটোক কিবা পুৰণিকলীয়া কথা এটা সোধাৰ কথা আছিল।সুধিলেনে নাই বা!তেওঁৰ বাবে ফাগুনৰ এই বুধবাৰটো বৰ আপুৰুগীয়া।তেওঁ ডিউতিৰ পৰা ছুটি লবই লব।সেইবাৰ নললে আৰু সেয়ে মোৰ লগত বহু কথা পাতিলে আৰু কৈছিলো মোক এইবুলি বহু আবেগত- 'আজি আলি-আই-লৃগাং।মই নাযাওঁ। মোৰ দায়িত্ব আছে'।




Sunday, February 13, 2022

সাতোটা চম্পা আৰু এটা পাৰুল ফুলৰ সাধু

এখন ৰাজ্যত মায়ঙী নামেৰে এখন যাদুকৰী আৰু মায়া লগা গাওঁ আছিল। গাঁওখনৰ কথাবোৰ বৰ বিচিত্ৰ আছিল। গাঁওখনৰ চাৰিসীমাৰ ভিতৰত কি মানুহ কি জীৱজন্ত্তু কি নদ নদী বা পাহাৰ ভৈয়াম-সকলোবোৰেই কথা বতৰা কৰিব পাৰিছিল। যাদুকৰী সেই গাওঁখনক আকালতো ভাতে লগ নেৰিছিল। এইদৰে সকলো দিশৰ পৰাই সেই ৰাজ্যৰ ৰজাজন বৰ সৌভাগ্যবান আৰু সমৃদ্ধশালী আছিল। ৰজাৰ বিশালকায় ৰাজপ্ৰসাদটোত তেওঁৰ ছয়জনী ৰাণী আছিল। লগতে আছিল হাজাৰ হাজাৰ লগুৱা লিক্চৌ আৰ অশ্বাৰোহী। ইমানবোৰ সুখ সুবিধা থকাৰ পিছতো ৰজাৰ মাত্ৰ এটাই দুখ আছিল যে, ইমান সমৃদ্ধিশালী হৈয়ো ৰজা নিঃসন্তান আছিল। ৰজাৰ মনটোও বহু দুখ আৰু অশান্তিৰে ভৰি পৰিছিল। কেৱল ৰজাই নহয়, গোটেই ৰাজ্যখনৰ প্ৰশাসকৰ মাজতো সেই একেটা কাৰণতেই বহুত অশান্তি আছিল। জহকালি এদিনৰ কথা। পুৱতি নিশা ৰজাই এটা সপোন দেখিলে। সপোনত তেওঁ দেখিলে যে আৰু এবাৰ যদি ৰজাই বিয়া কৰায়, তেন্তে সেই সপ্তম পত্নীৰ পৰা তেওঁ সন্তানৰ মুখ দেখিব পাৰিব। সন্তানৰ আশাত সেয়েহে তেওঁ আৰু এবাৰ বিয়া পাতিলে। নতুন কইনা দেখা পাই বাকীবোৰ ৰাণীৰ অতিপাত খং উঠিল। আগৰ ছয়োগৰাকী ঘৈণী স্বভাবতেই খুব অহংকাৰী আৰু চকুচৰহা বিধৰ আছিল। বিপৰীতে, সৰু ৰাণী কিন্তু খুব শান্ত আৰু নম্ৰ স্বভাৱৰ আছিল। সেয়েহে সৰু ৰাণীক ৰজাই বেছিকৈ মৰম কৰিছিল। সেয়েহে বাকী কেইজনী ৰাণীয়ে তাইক চকুপাৰি দেখিব নোৱাৰিছিল। তাৰ পিছত এদিন সৰু ৰাণী সন্তান সম্ভবা হ'ল।সেই সুখতে ৰজাই প্ৰজাৰ বাবে ৰাজকোষ আৰু ৰাজভান্ডাৰ খুলি দিলে যাতে প্ৰয়োজন সাপেক্ষে সকলোৱে ধনসোন আদি নিব পাৰে।চাওঁতে চাওঁতে সন্তান জন্ম পোৱাৰ সময় চাপি আহিল। ছয় ৰাণী আৰু লগতে এজনী গৃহপৰিচাৰিকাক লগত লৈ প্ৰসাদত সকলোৰে উগুলথুগুল লাগিল। ইফালে বাহিৰত ৰজাই সন্তানৰ মুখ চাবলৈ ৰৈ থাকিল।অজ্ঞান অৱস্থাতেই সৰু ৰাণীয়ে সাতোটা লৰা আৰু এজনী কণ্যা সন্তানৰ জন্ম দিলে। হিংসাতেই ছয় ৰাণীয়ে চক্রান্ত কৰি জন্মৰ পিছতেই সেয়েহে সন্তানবোৰ এটা এটাকৈ পানীত উটুৱাই দিলে। সৰু ৰাণীৰ অজ্ঞান অৱস্থাৰ সুযোগ লৈ প্ৰাসাদত কোৱা হ'ল যে ৰাণীয়ে গৰ্ভৰ পৰা সাতটা বেং আৰু এটা এন্দুৰৰহে হেনো জন্ম দিছে! এই কথা শুনি ৰজাই সৰু ৰাণীক ঘৰৰ পৰা বাহিৰ কৰি দিলে। তাৰ পিছত দিনবোৰ সৰু ৰাণীৰ অবিহনে সেইদৰে পাৰ হ'বলৈ ধৰিলে আৰু চাৰিওকাষ নিমাওমাও হৈ পৰিল। এনেতে এদিন, ৰাজবাগানৰ মালীজন সেই চহৰলৈ পূজাৰ বাবে বাগানলৈ  ফুল তুলিবলৈ আহিল। বাগানখনত মালীয়ে দেখিলে যে, এডাল গছত সাতোটা চম্পা আৰু মাত্ৰ এটা পাৰুল ফুল ফুলি আছে। তেতিয়া ৰজাই ততালিকে আদেশ দি ক'লে যে, এইখিনিয়েই নিয়া যাওঁক। তাৰ পিছত মালীয়ে ফুল আনিবলৈ গ'ল।ফুল আনিবলৈ যাওঁতে এক আচৰিত ঘটনা ঘটিল-যিমানেই মালীয়ে ফুল তুলিবলৈ বুলি হাতখন ওপৰলৈ নিয়ে, সিমানেই গছৰ ঠাল-ঠেঙুলিবোৰ ওপৰলৈ গুছি গুছি যায়! এইদৰে মালীয়ে চেষ্টা কৰি থকাৰ মাজত তৎক্ষণাৎ গছডালে মাত দি উঠিল। গছডালে এইদৰে কথা কবলৈ আৰম্ভ কৰিলে-


"যদি ৰজা নাহে তেনেহ'লে এই গছৰ ফুল ছিঙিব  নোৱাৰি"। 


গছে মাত মতা শুনি মালীয়ে ৰজাৰ কাষলৈ ভিৰাই লৰ দিলে। মালীৰ মুখত এনে অদ্ভুত কথা শুনাৰ পিছত ৰজা ৰাজবাগানখনলৈ লৱৰি আহিল। কিন্তু ৰজা অহাৰ পিছত গছডালে পুণৰ মাত দি ক'লে -

"ডাঙৰ ৰাণী নাহিলে ফুল ছিঙিব নোৱাৰি"। 


ডাঙৰ ৰাণী অহাৰ পিছত ক'লে -

"মাজু ৰাণী নাহিলে ফুল ছিঙিব নোৱাৰি"। 


তাৰ পিছত নৃত্য পটিয়সী ৰাণীৰ নাম লয়। এইদৰে, সকলো ৰাণীৰ এজনী এজনীকৈ গছডালে নাম লবলৈ ধৰিলে। ৰাণীবোৰ আহি উপস্হিত হোৱাৰ পিছত সাতোটা চম্পা ফুলে এইবাৰ মাত দি উঠিল। ফুলবোৰে ক'বলৈ ধৰিলে-


"বনবাসলৈ যোৱা দুখুনী সৰু ৰাণী নাহিলে কোনেও ফুল ছিঙিব নোৱাৰিব!"


সেয়েহে, সাতোটা চম্পা ফুলৰ কথামতে সৰু ৰাণীক আনিবলৈ ৰজাই অশ্বাৰোহীক পঠিয়াই দিলে। ইফালে সৰু ৰাণীৰ কাপোৰ ছিঙি উঁৱলি যোৱা অৱস্থা।সেই বেশেৰেই ৰাণীয়ে ফুল ছিঙিবলৈ বুলি হাত আগবঢ়ালত লগে লগে গছৰ পৰা ফুলবোৰ গুছি মানুহ হৈ সাতোটা ৰাজপুত্ৰ আৰু এজনী ৰাজকন্যাৰ ৰূপেৰে তললৈ নামি আহিল। সিহঁতে 'মা' 'মা' বুলি 'আটাহ' লবলৈ ধৰিলে। সেই ডেডাউৰিয়া শুনি সৰু ৰাণীয়ে সকলোকে কাষ চপাই ললে। তাৰ পিছত সিহঁতে ৰাণীসকলৰ অপকৰ্মৰ কথাবোৰ এটা এটাকৈ কবলৈ ধৰিলে। তেনে দুষ্পাপ আৰু অমানৱীয় কথাবোৰ শুনি ৰজাৰ ভীষণ খং উঠিল। ৰজাই তাৰ পিছত এটা ডাঙৰ আৰু দ' খাৱৈ খন্দুৱাই তাত এসোপামান কাঁইট, জেং দি ৰাণীকেইজনীক পুতি থলে। এইদৰে ৰজাই সেই ৰাজ্যত ৰাজমেল পাতি ন্যায়ৰ বিচাৰ কৰিলে। তাৰ পিছত ৰাজ্যত প্ৰজাও সুখে সন্ত্তোষৰে দিন কটাবলৈ ললে। 

আচলতে সিহঁতবোৰক যদিওবা মাৰি পেলোৱা হৈছিল, সিহঁতবোৰ আচলতে মৰি যোৱা নাছিল। বৰং ফুলৰ ৰূপ লৈ গছৰ ডালত জীয়াই আছিল আৰু সৰু ৰাণী অহালৈ বাট চাই আছিল।এইদৰে, সৰু ৰাণীৰ সৎগুণৰ বাবে তেওঁ সেই দেওঁলগা জয়াল ঠাইতো নিজৰ পৰিয়ালৰ সাতোটা সদস্যক ফুলৰ পৰা মানুহ কৰি পুণৰ জীয়াই আনিলে আৰু নিজৰ ৰাজ্যখনত হেঁচা মাৰি ধৰা এটা অভিশাপ এনেদৰেই খণ্ডন হ'ল।



Friday, February 4, 2022

এটা চৰাইৰ সাধু

এখন সৰু গাঁৱত এটা হাড়গিলা চৰাই আছিল। তাৰ পৰিয়ালৰ সকলোবোৰ মানুহে পহুক নামে এখন নদীৰ পাৰত বাস কৰিছিল। নদীখনৰ আনটো পাৰে নাতিদূৰৈত এটা অতি পুৰণি জলাশয় আছিল। তাতেই সেই হাড়গিলাটোৱে নিজ পৰিয়ালৰ পৰা দূৰৈত অকলে বসবাস কৰিছিল।নিতৌ পক্ষী ধৰিবলৈ অহা চিকাৰীবোৰৰ লগত চৰাইটোৱে তাৰ পিছত বহুত সংগ্ৰাম কৰিছিল আৰু প্ৰাণৰ ভয়ত লুকাই ফুৰিছিল। প্ৰতিদিনাই বিশাল সেই জলাশয়ৰ পৰা চৰাইটোৱে খুচুৰি খুচুৰি নিজৰ বাবে খোৱা বস্তু যোগাৰ কৰি উলিয়াইছিল আৰু ৰাতি হ'লে গছৰ ডালত  পৰি ৰৈছিল।চৰাইটোৱে জলাশয়ত কোনো অসুবিধা পোৱা নাছিল আৰু নিজৰ সকলো ধৰণৰ খোৱাবোৱাৰ সুবিধা পাইছিল।বিচৰা মাত্ৰকে মাটিতেই সকলো পোৱাৰ বাবে ই আনকি ক'লৈকো নগৈছিল।এইদৰে আনকি চৰাইটো উৰিবও পাহৰি গৈছিল।কেতিয়াবা কেতিয়াবাহে  তাত সৰু সৰু কেঁচুৱা পোৱালিৰ কান্দোন শুনিলে ক'ব নোৱাৰাকৈয়ে বেগাই উৰি গৈছিল আৰু তাৰ পৰা কেঁচুৱাবোৰ তুলি আনি আকৌ মানুহৰ তাত থৈ আহিছিল। চৰাইটো যথেষ্ট শক্তিশালী আছিল। সেয়েহে ই কেঁচুৱাবোৰ মুখত কঢ়িয়াই লৈ তাৰ পিছত নদীখনৰ সিপাৰে ল'ৰা ছোৱালী নথকা কোনোবা দম্পতিৰ কাষত থৈ আহিছিল। নদীৰ পাৰত বসতি কৰা সকলেও সদায় জাবৰ জোথৰত পৰি থকা হাড়গিলাটোক সেয়েহে একো ক্ষতি নকৰিছিল। গাঁৱৰ বুঢ়া সকলেও হাড়গিলাটোক এটা অমৰ জীৱ বুলি কৈছিল আৰু আশীর্বাদ দিছিল। তেওঁলোকে কৈছিল যে চৰাইটোৰ দেহৰ খোলাত এটা যাদুকৰী শিল আছে যিটোৰে সকলো সাপৰে বিষ নাইকিয়া কৰিব পৰা যায়। এই বিশেষ শিলটো কোনোবা পাকৈত চিকাৰীয়েহে আহৰণ কৰিব পাৰে। কিন্তু তাৰ বাবে চৰাইটোৰ ঠোঁটে ভূমি স্পৰ্শ কৰিব নোৱাৰাকৈ তাক মাৰি পেলাব লাগিব। সেয়েহে হাড়গিলাটোক লৈ চিকাৰীবোৰৰ সদায় হেতা-ওপৰা লাগিছিল। 

এদিনাখনৰ কথা। গাঁৱৰে হেকুঁকীবাই নামৰ যাদুশক্তি জনা এজনী মহিলাই যাদুকৰী শক্তিৰে নিজৰ চকুচৰহা শত্ৰুটোকো খঙতে এটা হাড়গিলা চৰাই কৰি পেলালে। তাৰ পিছত সেই হাড়গিলাটোৱে কথাটো বুজি পাই হেকুঁকীবাইৰ ল'ৰাটোক চুৰ কৰিবলৈ পাং পাতিলে। সেয়ে জাবৰৰ মাজতো লৰাটো তাই বিচাৰি ফুৰিবলৈ ধৰিলে। এইদৰে সদায় চৰাইটোৱে জাবৰ জোথৰবোৰ খোচৰে আৰু কোনোবা কেঁচুৱা পালেই হেকুঁকীবাইৰ পুতেক বুলি তুলি লৈ যায়। তুলি অনা কেঁচুৱাবোৰ চৰাইটোৱে কোনোবা লৰা ছোৱালী নথকা ঘৰৰ আগত থৈ যায়হি।এনে কথাবোৰে লাহে লাহে নৈপৰীয়া মানুহবোৰক অশান্তি দিবলৈ আৰম্ভ কৰিলে। কাৰণ, তেওঁলোকেও গম পালে যে সেই কেঁচুৱাবোৰ চৰাইটোৱে সৃষ্টি কৰা নহয়, বৰং জাবৰত পোৱা কোনোবা বেলেগৰহে পেলনীয়া কেঁচুৱা। তেতিয়াৰ পৰা নৈপৰীয়া লোকসকলে হেঁকুকীবাইক এঘৰীয়া কৰিলে। আনফালে চৰাইটোৰ পৰা হাত সাৰিবলৈ মানুহবোৰে গাঁৱত দুৱাৰ খিৰিকী নোহোৱা ঘৰ সাজিবলৈ আৰম্ভ কৰিলে। লগতে ঘৰবোৰো ইমান ওখ ওখ কৈ আৰু এনেভাৱে বনাবলৈ ললে যে চৰাইটো আহিলেও যাতে কাকো আমনি নকৰাকৈ ছালৰ একেবাৰে ওখ অংশত পৰি থাকিব পাৰে । এইদৰে ঘৰসমূহৰ দুৱাৰ খিৰিকীবোৰ বন্ধ দেখি এদিন চৰাইটো এখন ঘৰৰ ছাঁদৰ একেবাৰে মুধত পৰিল। ইতিমধ্যে মানুহগিৰিৰ বেয়া বেমাৰবোৰো ভাল হবলৈ ধৰাটো ৰাইজে মন কৰিলে।মানুহবোৰৰো চৰাইটোৰ প্ৰতি বিশ্বাস জন্মিল। লাহে লাহে সেইখন ঘৰৰ ওখ ছালিতেই হাড়গিলাটোৱে বাহঁ সাজিবলৈ ললে। তাৰ পিছত সেই ঘৰৰ সৌভাগ্যবোৰ লাহে লাহে বাঢ়ি গ'ল। নিলগে থাকি ভাল পোৱা হাড়গিলাটোৱেও তাৰ পিছত প্ৰতিদিনেই বাহঁলৈ উভতি আহিবলৈ ললে। এইদৰে মানুহৰ পৰিয়ালৰ লগত চৰাইটোৱেও পৰিয়াল নিৰ্মাণ কৰিবলৈ শিকিলে।লাহে লাহে চৰাইটো সকলোৰে চিনাকী হৈ উঠিল আৰু মানুহৰ মাজত সফল আৰু সৌভাগ্যৰ প্ৰতীক হৈ পৰিল। এতেকে দেখা যায় যে, মানুহৰ সুস্থ আচৰণে কিদৰে চিকাৰী চৰাই এটাকো অনায়াসে ঘৰচীয়া কৰি তুলিব পাৰে। এতেকে মানুহে সদায় প্ৰেৰণাদায়ক আচৰণেৰে নিজৰ পৰিৱেশ গঢ়িবলৈ, জীৱন নিৰ্বাহ কৰিবলৈ আৰু পৰিৱেশেৰে সকলো জীৱকে অনুপ্ৰাণিত কৰিবলৈ শিকিব লাগে।