Saturday, February 19, 2022

সঁচাৰ কাঠী-এক সন্ধান

 মিছিঙ বাইদেউ তই কেনে আছ'?


আই.চি.ইউ.ত থাকোতেই মোৰ মনৰ কথা বুজি পোৱা সেই গহীন অথচ মৰমিয়াল মিছিং নাৰ্ছবাইদেউজনীৰ বা কি খবৰ!সংযোগ হেৰাই যোৱা বাইদেউজনী এ মোক যে ইমান বুজি পাইছিল! কিমান ধৰণেৰে যে মোৰ কাৰণে ডাক্তৰৰ পৰা গালি শপনি সহ্য কৰিছিল !তেওঁৰ গাত কোনো দোষ নাই আৰু মোক বুজাইছিলো যে কিমান সুন্দৰ কৈ-কেৱল মইহে জানো !আন কোনোবা হোৱাহেতেন, মোক চাগৈ গালি শপনি পাৰি কি কৰিলে হয় ঠিক নাই! প্ৰায়ে মনত পৰে আমাৰ -তেওঁৰ মৰমসনা বুজনিবোৰ-এতিয়া বা কোনজন ৰোগীক লৈ সেই আই.চি.ইউ.বোৰত, শুশ্ৰূষাত ব্যস্ত তেওঁ!! আলি আই লৃগাং আহিলেই মোৰ মনত পৰে তেওঁলৈ-আকাশ মাৰ্গত ফাগুণৰ সেই শিমলু ফুলৰ জুই হেন লানিধৰা বৰ্ণমালা আৰু  সবাতোকৈ সাহসী এজনী মিৰি জীয়ৰীৰ মুখ এখন-তেওঁ খুব কম কথা কয়। প্ৰায়েই মনে মনে থাকে! বহু দিন সময় কটালো মই সেই আই. চি .ইউ বোলা হাস্পাতালৰ ৰুমটোত। কিন্তু বাইদেউৰ লগত কোনোদিনেই পতা নহ'ল মিৰি জীয়ৰীৰ সাধু কথাবোৰ। মই এদিন খুব বিচাৰিলো তেওঁক, কিন্তু লগ নাপালোঁ। তেওঁ কৰবাত হেৰাই গ'ল বুলি মোৰ ভোক পিয়াহ নাই- কিন্তু বহুত চেষ্টা কৰিও মই তেওঁক লগ নেপালোঁ। এই নোপোৱাতেই ফাগুণ মোৰ আপোন হৈ উঠিল। বাইদেউজনী বুধবাৰৰ কিছুদিন আগৰ পৰাই ডিউটিত নাহে। 

মোৰ ভাৱ হয় তেওঁ এইবাৰো লৃগাংৰ সময়ত ডিউটিত অহা নাই।এইবাৰ তেওঁ যিকোনো প্ৰকাৰে 'গুমৰাগ্' কৰিবইই কৰিবহ্! তেওঁ নিশ্চয় হেপাঁহ ঢালি এইবাৰ আকৌ শৈশৱ আৰু যৌৱনকাল সোঁৱৰিছে। ঠিক মোক দৰৱপালি দিয়াৰ আগত যিদৰে শৈশৱছোৱাক মনত পেলাবলৈ কয়-আৰু মই নিমিষতে সেইবোৰ ভাবি থাকোঁতেই যে তেওঁৰ চিঞঁৰ এটা মাৰে- ফিনিছছছ্ বুলি!!লগে লগে কয়-পুৰঅঅ খুব ভাল পেছ্যেণ্ট ইত্যাদি। আকৌ কয়-"এইয়া চোৱা-হৈ গ'ল চেলাইনটো ফিটিং।গম পালা জানো?দুখেই নাপালাচোন! "

"বৰ টেঙৰ তেওঁ! বৰ ভালো তেওঁ!! -কিন্তু মোৰ সেইবোৰ দৰকাৰ নাই। মনেৰে ভাবো, 'মিছিঙ বাইদেউ তই কেনে আছ'?

আই.চি.ইউ.ত থাকোতেই মোৰ মনৰ কথা বুজি পোৱা সেই গহীন অথচ মৰমিয়াল মিছিং নাৰ্ছবাইদেউজনীৰ বা এতিয়া কি খবৰ! সদায় ভাবো। মই জানো তেওঁ এইবাৰো ডিউটিত অহা নাই।এইবাৰ তেওঁ যিকোনো প্ৰকাৰে 'গুমৰাগ্' কৰিবইই কৰিবহ্! তেওঁ নিশ্চয় হেপাঁহ ঢালি আজি আকৌ এবাৰ শৈশৱ সোঁৱৰিব। তেওঁৰো যে হেঁপাহৰ পথাৰখন চাই চাই চকু নিজুৰোৱা আৰু 'ভাগিব নাজানো ককালটো' বুলি আগবাঢ়ি কৰিবলৈ অহা 'চঃমান' নৃত্যটো টো কিমান শুৱনি! প্ৰকৃতিৰ মাজত কৰিব পৰা নৃত্যৰ মাদকতাই বেলেগ। তেওঁৰ নিজৰেই কিমান আনন্দ লাগে চাগে বীজবোৰ 'ৰুৱা- সিঁচা' ৰ নৃত্যটো কৰোঁতে- তেওঁৰ নিজৰেই অশলাগ ভৰিদুখন- পথাৰৰ বহল পৰিধিটো মনতেই সুমুৱাই লব পৰা বিধৰ হৈ যায় নিশ্চয়ই সময়খিনি! 

আৰু যে কাষতেও থাকে একোজনী- পিছে পিছে কেতিয়ানো আহি চেওঁ ধৰিব খোজা বয়সীয়াল কঁকাল পৰাজনী! থিয় হৈ থাকে তেওঁ-বিষৰ বলত ভালেকৈ নাচিব নোৱাৰাৰ বেজাৰটো যে তেওঁৰ বহুত বেছি !তেওঁ কয় 'এনেকেহে ঘূৰাই বোলো এই 'দাকেঃ-কেঃনাক' বোলা টো' (মুদ্ৰা সেইটো)।

আৰু সেইবাৰ যে তেওঁ মোক ঔষধপালি বেজীৰে দিয়াৰ বাহানাৰে কি কি যে কৈছিল! কৈছিল -

"শস্যৰ বীজবোৰ গজালি মেলি মেলি যায়-লহপহকৈ বাঢ়ি বাঢ়ি যায়- বতাহত হালিজালি যায়-এবাৰ সোঁফালে, এবাৰ বাওঁফালে-দুয়োখন হাত ওপৰলৈ তুলি -এবাৰ সোঁফালে- আৰু এবাৰ বাওঁফালে-কনছাঙে ঐ"

তেওঁ সেইবাৰ গুমৰাগ নৃত্যৰ ঢোল-তালৰ  'লীনং' আৰু 'মাৰাবাং' বজাওতাটোক কিবা পুৰণিকলীয়া কথা এটা সোধাৰ কথা আছিল।সুধিলেনে নাই বা!তেওঁৰ বাবে ফাগুনৰ এই বুধবাৰটো বৰ আপুৰুগীয়া।তেওঁ ডিউতিৰ পৰা ছুটি লবই লব।সেইবাৰ নললে আৰু সেয়ে মোৰ লগত বহু কথা পাতিলে আৰু কৈছিলো মোক এইবুলি বহু আবেগত- 'আজি আলি-আই-লৃগাং।মই নাযাওঁ। মোৰ দায়িত্ব আছে'।




No comments:

Post a Comment