Friday, March 18, 2022

পাহাৰৰ সুউচ্চ শিখৰত সূৰ্যৰ আলোক ক্ষীপ্ৰ হয়

এজন সৰ্বাত্মবাদী ব্যক্তিয়ে তেতিয়াই প্ৰাৰ্থনাত ৰত হয় যেতিয়া গোটেইবিশ্বখনে তেওঁক মান্য নকৰে। তেওঁলোকে এনেধৰণেৰে ভাবে যেন তেওঁ এই বিশাল পৃথিৱীৰ এক আৱৰ্জনা মাত্ৰ। তেনে ব্যক্তিয়ে সূক্ষ্মাতিসূক্ষ্ম কিছুমান অবাস্তব অনুভৱত ডুব যায় যেনে পাহাৰুৱা পৰুৱা, এখন মাছৰ স্কুল, নাইবা নীলা ৰংৰ ফূৰ্তি ইত্যাদি। এক অসম্ভবপৰ কথা। কিন্তু পিছত এজন সৰ্বাত্মবাদীয়ে প্ৰাৰ্থনাৰত হয়, যেতিয়াই তেওঁ কোনো কোনো ক্ষেত্ৰত বৈজ্ঞানিক দৃষ্টিভংগী চিন্তা কৰিবলৈ পৰা বিধৰ হয়। তাৰ বাবে পাহাৰৰ সুউচ্চ শিখৰেই  এক উত্তম স্হান বুলি আমি পৰিয়ালৰ কেউটা সদস্যই ঠিক কৰিলো আৰু নাম দিলোঁ  “ট্যু মেঘালয়া"। 

“ট্যু মেঘালয়া”-এক ভ্ৰমণ যাত্রাৰ বিৱৰণ। (সংগ্ৰহ আৰু ৰচনা: নীলিমা বৰুৱা) 

দুমাহমানৰ চিন্তা চৰ্চাৰ অন্তত আমি অৰ্থাৎ মই, পুত্ৰ আৰু বৰজীয়ৰী আবেলিপৰত গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ মেঘালয় ভ্ৰমণৰ উদ্দেশ্যেৰে। পঢ়ি থকা কালৰেই বান্ধৱী বীণা বৰাৰ ঘৰত ৰাতিটো থকা হ'ব বুলি ল'ৰাছোৱালী হ'তক কৈছো। বাচত যাওঁতে এটা কথাই মনত খুন্দিয়াই গৈ থাকিল। নিজৰ মনৰ একোণত কথা এটা সোমাই আছেই, মাত্ৰ মাজে সময়ে সেইটোৱে এটা পৰিৱেশত উক্ দি উঠে। আজিলৈ যে গুৱাহাটী মহানগৰীত মনৰ জোখাৰে ঘৰ এটা কৰিব পৰা নগ'ল আৰু পতিদেৱেও যে গুৱাহাটীত এটা ঘৰ কৰিম বুলি চিন্তা কৰোঁতেই সংসাৰৰ পৰা বিদায় মাগিলে!তাৰ পিছৰসময়ছোৱাত এই কথাবোৰ মোৰ বাবে অসম্ভব হৈ উঠিল। গতিকে গুৱাহাটী আপিলের বন্ধু-বান্ধৱী বা আত্মীয়ৰ ঘৰ বিচাৰিব লগাত পৰে। পৰাপক্ষত ৰাতি বিয়লি থাকিবলৈ অহা নপৰে নহ’লে সমস্যা আহি পৰে। চহৰৰ মানুহবোৰেও আজিকালি আলহী অহা বুলি গম পালে বিলাই চমকি যোৱাৰ দৰে হয়। সেয়ে বহুত বন্ধুৰ ঘৰত যোৱা বাদেই দিয়া হৈছে। শৈশৱৰে বান্ধৱী বীণা বৰা এতিয়া গুৱাহাটীৰ স্থায়ী বাসিন্দা আৰু তাই মোক জনালে যে, মহানগৰীৰ এখন বিখ্যাত হাস্পাতাল “ডাউন টাউন”ৰ  পিছফালে নিজৰ ঘৰটোত অকলশৰীয়াকৈ থাকে। তাইৰ গিৰীয়েক এই সংসাৰ এৰি যাবলৈ বহু বছৰ হ'ল। তাইয়ো দুজনীছোৱালীক পঢ়ুৱাই শুনাই, বিয়ে বাৰু কৰোৱাই দি আজৰি হৈছে। তাই মাতিও থাকে প্ৰায়ে তাইৰ ঘৰলৈ। সেইকাৰণে আজি বীণাৰ ঘৰতেই থকাৰ কথাটো চিন্তা কৰি  মোৰ যাত্ৰাটো আৰম্ভ। পিছদিনা পুৱা ৮-৩০ মান বজাত আমাৰ মেঘালয় ভ্ৰমণ আছে আৰু সেইবাবে, আমি সোনকালেই ৰাতিৰ আহাৰ মিলি জুলি গ্ৰহণ কৰিলোঁ আৰু আনদিনাতকৈ সোনকালেই শোৱাপাটী ললোঁ।

এক ব্যতিক্রমী পুৱা:

পিছদিনা ২০ আগষ্টৰ পুৱাবেলাটো বৰ উত্তেজনাৰ মাজেৰে আৰম্ভ হ'ল।আগদিনাই যুগুত কৰি থোৱা লাগতিয়াল সামগ্ৰী বোৰ পানী, ফল, ঔষধ ইত্যাদি বোৰ কঢ়িয়াই বীণা বন্ধু ৰ ঘৰৰ পৰা শ্বিলঙৰ অভিমুখে ওলালোঁ। এবাৰ ভাহিলোঁ টেক্সি এখন ভাড়া কৰি তিনিও আৰামদায়কভাৱে যোৱাটোহে ভাল হ'ব। কিন্তু পুত্ৰই সেইটো নাকচ কৰিলে। বাবুৰ মতে আমি হেনো অকলে যোৱাটো একেবাৰে সমীচিন নহ'ব। সেয়েহে অৱশেষত আমি টাটা চোমো এখানেই টিকট কৰি শ্বিলঙলৈ বুলি ৰাওনা হ'লোঁ। এই পুৱাৰ সুৰুযটো যেন বহুত ব্যতিক্ৰমী আছিল আৰু শ্বিলঙলৈ বুলি আৰম্ভ কৰা যাত্ৰাটোত চাৰিওকাষৰ মনোমোহা দৃষ্টিই ৰহণ সানি মন বোৰ পাতল কৰি কৰি লৈ গৈছিল। লাহে লাহে চাৰিওকাষৰ শীতল সাত পৰা ঠান্ডাত আমি গৰম কাপোৰ পিন্ধি ললোঁ।মনোৰম দৃশ্য বোৰ আৰু মন মুহি নিয়া পৰিৱেশ কিছুমান গৰকি গৰকি প্ৰায় ৪ ঘন্টা মানৰ মূৰত আমি মৌলাই নামৰ ঠাইত নামিলোঁ।চোমোখনক বিদায় দি আমি এইবাৰ বৰজীয়ৰীৰ মতামত শুনি স্হানীয় গাড়ীৰ বাবে অপেক্ষা কৰিবলৈ ললোঁ। আমি নেহু বিশ্ববিদ্যালয় যাব লাগিব প্ৰথমে।

মোক চাবি তহঁতে তোক চাব নাৰায়ণে:

বৰজীয়ৰীৰ মাজনীৰ অলপ অভিজ্ঞতা আছে বাবেই আমি বৰ বিশেষ চিন্তা নকৰি এখন উপযুক্ত হোটেলত থকাৰ সিদ্ধান্তটোকেই ললোঁ। তাতে হোটেলখনৰ নামটো আছিল আশুতোষ ইনন।গতিকে, শিৱ প্ৰভূৰ কথা সুঁৱৰি সুঁৱৰি ৰাতিটো হোটেলত আমি খোৱা বোৱা কৰি নিহপালি দিলোঁ। থকাৰ ব্যৱস্থাবোৰ ইমান সুন্দৰ আৰু পৰিপাটী আছিল যে আমাৰ খুব সোনকালেই টোপনী আহিল আৰু ৰাতিপুৱা খুব সোনকালেই উঠি আমি চেৰাপুঞ্জীলৈ ৰাওনা হওঁ। ছোমো স্টেণ্ডত আমি ৰুটি ভাজি খাই লৈ ট্যুৰিষ্ট বাছ সেৱা আস্হানলৈ খোজ লওঁ। আৰু বহুত উৎকণ্ঠাৰ মাজত আৰম্ভ হ'ল একেলগে ২৫ জন যাত্ৰীৰ চেৰাপুঞ্জীলৈ যাত্ৰা-ট্যুৰিষ্ট গাইডৰ সুন্দৰ অভিবাদনৰ কথাবোৰেৰে মই এই যাত্ৰাটোৰ নাম থলোঁ-“হিমশীতল শ্বিলঙৰ ঝাও গছৰ মাজে মাজে” । গাড়ীখন চলিবলৈ আৰম্ভ কৰিলে আৰু মই ডুব গ'লো ১৯৯২ চনৰ সেই শ্বিলং ভ্ৰমণৰ  সোঁৱৰণত। তেতিয়া আৰু এতিয়াৰ মাজত সুদীৰ্ঘ সোনোৱালী ২৮ বছৰ আৰু বিষাদভৰা কিছু কিছু অমাবস্যাৰ ক্ষন। তেতিয়াৰ শ্বিলংৰ লগত এই যাত্ৰাৰ পাৰ্থক্য পালোঁ। অৰ্থাৎ ভবামতে ঠান্ডা নাই আৰু পাতল গৰম কাপোৰ এখন ডিঙিত মেৰিয়াই লোৱাত একো অসুবিধা বোধ কৰা নাই। ট্যুৰিষ্ট বাছত গ'লে এটা কথা ভাল যে পেকেটত বহুকেইখন ঠাই চাব পাৰি-এইদৰে আমাৰ বাছখনৰ চাবলগীয়া বিবিধ গন্তব্য স্হানৰ ভিতৰত আছিল- এক প্ৰাকৃতিক গুহা- Mausumai cave, বিশাল নিমজ্জন জলপ্ৰপাত Nohkalikai Falls,সাতভনী জলপ্ৰপাত-seven sisters Falls, বিবেকানন্দ কেন্দ্ৰ ইত্যাদি। সচাঁকৈয়ে যাত্ৰাৰ শেষত আমি নথৈ আনন্দিত আৰু আপ্লুত হ'লোঁ।

এক কাপ চাহৰ চিপ আৰু লগে লগে 

যাবলৈ সাজু হ'লোঁ এটা গুহাৰ ভিতৰলৈ:

গুহাটোৰ নাম মৌছুমাই গুহা। শ্বহৰা  sohra বুলি ক'লেই সেয়া এনে এক নগৰৰ নাম যিয়ে সংযোগ কৰিছে এটা পথ য'ত এক বিশাল পাহাৰৰ ভিতৰত আছে চমৎকাৰী গুহা। ই এক পুৰণি ঘন বনস্পতি অৰ্থাৎ জোপোহা জাতীয় গছবন আৰু পিছল জাতীয় গছবনেৰে ভৰপূৰ গুহা। ইয়াৰ বাটপথবোৰ প্ৰাকৃতিকভাৱে সৃষ্টি সেয়েহে অসুচল আৰু দুৰ্গম। আমাৰ দুয়োজনীৰ বাবে ই প্ৰায় অসম্ভৱ। আমি পুৰা কৰিব নোৱাৰিলো কিন্তু বাবু আগবাঢ়ি গ'ল আৰু পুৰাকৈ চাই আনএফালেদি ওলাই আমাক পিছফালৰ পৰা মাত দিলে। আমিও আগবাঢ়িব নোৱাৰিম বুলি আধাছোৱাকৈয়ে উভতিলোঁ। সিদিনা আৰু বিশেষ একো চোৱা নহ'ল। ফুট গধূলি মাজেৰে পুলিচবাজাৰ নামৰ মুখ্য বজাৰখন পালোঁহি। খাই বৈ শুই পৰিলোঁ।ইহঁত দুয়োটা দিনটোৰ অভিজ্ঞতা বোৰ আলোচনা কৰিবলৈ ধৰিলে আৰু অধ্যয়নত ব্যস্ত হ'ল-বিষয় -অহা কালিৰ অলৌকিক এখন স্হান- sacred groove.

বিতণ্ডা আৰু সংকোচেৰে-লক্ষ্য অলৌকিক মৌফলঙ:

তাৰিখটো চালোঁ-২২। ০৮। ২০১৯ আৰু ঈশ্বৰ চিন্তি আলোচনা কৰা মতেই টেক্সীএখনৰ ব্যৱস্থা হ'ল। আমি প্ৰায় ৮.৩০ মানত ৰাওনা হ'লোঁ। ভাড়াটো অলপ বেছি ১৭০০ টকা। কিন্তু আমাৰ আজি সেই কথাটোক লৈ বৰ বেছি চিন্তা হোৱা নাই। কাৰণ, এই যাত্রাটো আমি স্ব-ইচ্ছাৰে বাছনি কৰিলোঁ,তাৰোপৰি অনুসন্ধিৎসু মন এটাই হে মোক মৌফলঙৰ অভিমুখে ঠেলি ঠেলি লৈ গৈছিল।লগতে আছিল আৰু এটা লোক কথাৰে ভৰপূৰ জলপ্ৰপাত “এলিফেন্টা ৱাটাৰ ফলচ” টো পুণৰাই চোৱাৰ হেঁপাহ।কিন্তু বাৰে বাৰে অলৌকিক তাৰ লেশবোৰে মনটোক বাৰে বাৰে খুন্দিয়াই লৈ গৈ আছিল। মনতো বহুত প্ৰশ্ন জাগিছিল-কিয় বা নাহে কালিৰ সেই ট্যুৰিষ্ট বাছবোৰ? অন্য কিবাৰকমৰ ভয় বা বিজতৰীয়া কথা আছে নেকি? ডকাইতৰ বাসস্থান নেকি এই মৌফলংখন? ইত্যাদি। এনেধৰণৰ কথাবোৰে বৰ আমনি কৰি আছিল। তাৰোপৰি ঠাইডোখৰ মুখ্য চহৰখনৰ পৰা দূৰৈত অৱস্থিত,লগত খোৱা লোৱাৰ যোগাৰ অলপ লোৱা হৈছে। শাৰী শাৰী পাইন গছৰ মাজে মাজে গৈ থাকোঁতে বুজাব নোৱাৰা আনন্দৰ অনুভৱেৰে প্ৰায় ২ ঘণ্টা মানৰ মূৰত আমি এখন বহল সেউজীয়া মসৃন দলিছা পাৰি থোৱাৰ দৰে এখন পথাৰ পালোঁ-ই প্ৰায় ১০-১২ একৰ মান মাটিৰ হ'ব। পথাৰখনৰ পূৱফালে দূৰে দূৰে দুটা পুৰণি ঘৰ। মানুহ নাই তাত। দুখন সৰু সৰু কৈ দোকাণৰ লেখীয়া পুৰণি ঘৰ। একো বস্তু কিনিবলৈ পোৱা নগ'ল। যিমান দূৰ অভিজ্ঞতা হৈছে, এইসমূহত মদৰ বটল পোৱা যায়। তাৰোপৰি কিছু সংখ্যক স্হানীয়  খাচি সম্প্ৰদায়ৰ লোক দেখিবলৈ পালোঁ। এনেতে টেক্সিখনো ৰাখিলে আৰু তাৰ মাজৰ পৰাই দুজনমান খাচী লোক আমাৰ গাড়ীখনৰ ওচৰলৈ আগুৱাই আহিল।আমিও গম পালোঁ যে মৌফলঙৰ এই অংশখিনিয়েই আমাৰ গন্তব্য স্হান। সোধপোছ কৰি অৱশেষত ঝাওঁগছৰ আঁৰত প্ৰায় ১ কি. মি. মান দূৰত থকা sacred groove চাবলৈ বুলি আমি খোজ ললোঁ।ওচৰ পাই মই যাব নুখুজিলোঁ আৰু ইহঁত দুয়োটা উভতি অহালৈ অপেক্ষা কৰিবলৈ সিদ্ধান্ত কৰি ৰৈ দিলোঁ।পিছে মনটোক বুজাব নোৱাৰিলোঁ।কিবা এটা অথন্তৰ হওঁক তাতোকৈ নিজৰ ভৰিকেইখনকেই অলপ সাহস দি আগবাঢ়ি গ'লোঁ। আৰু এটা সময়ত আমি ঘোপমৰা আন্ধাৰৰ অনুভৱেৰে প্ৰায় বননিখনৰ ডাঠ অংশ ভাগত ভৰি দিলোঁ। প্ৰায় ১০ কি. মি. দীঘল এইখন হাবিৰ আশ্চৰ্য্যজনক বহুতো লোককথা তথা জনবিশ্বাস আমি গাইডজনৰ মুখে শুনি শুনি আগবাঢ়িলোঁ। লোককথাবোৰৰ শুনি আচৰিত হৈ হৈ আগুৱাই গৈ থাকিলোঁ। তেওঁলোকৰ দৃষ্টিত প্ৰকৃতিয়েও প্ৰকৃতিৰ নিয়ম সমূহ মানি চলে। সেয়েহে, এক নিৰ্দিষ্ট সীমাৰ বাহিৰত কোনোধৰণৰ ঘাঁহ-বন গজাঁ নাই।ই যেন এতিয়া আমাৰ বাবে বহুতো লোকজ্ঞানেৰে ভৰপূৰ এখন আচৰিত বননি।গাইডজনৰ লগত বাবুয়েই বেছিভাগ কথা পাতিছিল। আমি মৌন হৈ আছিল আৰু অনুসৰন কৰিছিলোঁ-মনত ৰাখিবলৈ আমাৰ এটাই কথা যে কোনো ধৰণৰ পাত, শিল ইত্যাদি যাতে আমি ইফাল সিফাল নকৰোঁ! আমি গৈয়েই আছিলোঁ আৰু বিভিন্ন ধৰণৰ পৌৰাণিক গছসমূহ দেখিবলৈ পাইছিলোঁ।মূল্যৱান দুই চাৰিডাল গছ লগতে ৰুদ্ৰাক্ষ গছৰ দেখিবলৈ পাইছিলোঁ। প্ৰায় ১১/২ঘণ্টা মানৰ পিছত আমি ওলাই আহিলোঁ আৰু আমাৰ  অচল হৈ পৰা মোবাইলবোৰো সচল হ'ল। আমি যেন এক সেউজীয়া গভীৰ গহ্বৰৰ মাজত হে সোমাই আছিলোঁ আৰু একেকোবতে ওলাই আহিলোঁ। তাত সোমালে সময়বোৰ বহুত সোনকালে পাৰ হয় যেন লাগে। যদিওবা বাহিৰলৈ ওলাই আহিলোঁ, তথাপি কেইডালমান বিশাল আৰু বিয়াগোম গছৰ ছবি মনৰ চকুত ভাঁহি থাকিল। কথা প্ৰসংগত গাড়ীচালকজনৰ লগতো কিছু কথা পতা হ'ল, কাৰণ তেওঁ তেজপুৰ চিনি পায় আৰু এবাৰ আহিছিল। এইদৰে, মৌফলং,তেজপুৰৰ কথা কোৱাৰ মাজেৰে আমি প্ৰায় ১.৩০ মান বজাত এলিফ্যাণ্টা ৱাটাৰ ফলচ পালোগৈ।

কিয় আমি পুনৰাই লগ পালোঁ? 

Sacred groove ৰ পৰা বৰ বিশেষ দূৰ নহয়, সেয়ে আমি সোনকালেই প্ৰায় আধাঘন্টা মানৰ পিছত ৱাটাৰফলচটো পালোহি।এই জলপ্ৰপাতৰ তিনি ঠাইত বিভিন্ন ধৰণৰ সংযোগ ভাঙি বৈ গৈছে। ইয়াক স্হানীয় লোক আৰু পৰ্য্যটক সকলে horsetail-punchbowl  অৰ্থাৎ ঘোঁৰাৰ নেজ যিদৰে বাটিত এটা সৰু ছিদ্ৰ হয়, ঠিক সেইদৰে জলপ্ৰপাত এটাত হোৱা সামান্য আঘাতৰ পৰাই কেইবাটাও জলপ্ৰপাতৰ সৃষ্টি হৈছে। প্ৰথম ভাগটো দেখিবলৈ বহুত বহল আৰু গছৰ আঁৰতহে আছে। দ্বিতীয়ভাগটো প্ৰায় গৃহপালিত আৰু জাৰকালি গুৰুত্বহীন।তৃতীয় ভাগটো সবাতোকৈ উচ্চ আৰু চকুৰ পচাৰতে বিশালকায় ৰূপটো সামৰিব পৰা বিধৰ। ই   আকৰ্ষণীয় কাৰণ বৈ অহা পানীবোৰ আছিল স্ফটিকৰ দৰে স্বচ্ছ আৰু অসংখ্য শৈলুৱৈপৰা তীক্ষ্ণতুংগ জাউৰিয়ে জাউৰিয়ে বিয়পি থকা শিলৰ ওপৰেদি ই দেখিবলৈ হৈ উঠিছিল বিচিত্ৰ আৰু অন্যান্য।  জলপ্ৰপাতৰ দুয়োকাষে বিয়পি পৰা শৈলুৱৈৰ সেউজীয়াবোৰে সতেজতা কঢ়িয়াই আছিল। সঁচাকৈয়ে, শৈলুৱৈবোৰৰ প্ৰতি এনে দৃষ্টি ভংগী মোৰ বাবে আছিল আচৰিত আৰু প্ৰথম। ইয়াৰ পিছত কেউকাষে দূৰ দূৰলৈ অগণন চিনাকি বিহঢেকীয়া বোলা শাকবনবোৰ। এই গোটেই খিনি অনুভৱ কৰি থাকোঁতে গাইডে আমাৰ চিন্তাভংগ কৰি দিছিল আৰু কৈছিল-এই ফলচটোৰ পানীৰ ধাৰাবোৰ তেনেকুৱাই হয়   যিদৰে এটা ভৰ্ত্তি পানীৰ বাতিত ফুটা হ'লে কেউ দিশে পানী ওফৰি পৰে আৰু তললৈ সোঁত বয়। ইমান অলৌকিক কাহিনীৰ মাজতো খৰস্ৰোঁত পানীৰ বিৰল বাস্তব অনুভূতিয়ে মনত এটা কথাই কৈ থাকিল-‘আমিবোৰ প্ৰকৃতিৰ শক্তি অনুৰূপেৰে পুনৰাই লগ পালোঁ!মাত্ৰ সলনি হ'ল বহু কিছু চাৰিওকাষৰ। ওপৰৰ পৰা তললৈ ভাঁজ লগাই চিৰি বগাই যাবলৈ যাত্ৰীসকলক অহা-যোৱাৰ সুবিধা কৰি দিয়া হৈছে’। আৰু আশুতোষলৈ উভতিলোঁ। মন বোৰ বৰ ফৰকাল আৰু সুস্থ অনুভৱ কৰিছিলোঁ দ্বিতীয় দিনৰ এই ভ্ৰমণ অভিজ্ঞতাৰে।

স্কাইৱাক কৰিব পাৰিলো

ডাউকি বোলা এক স্হান আছে। অতি মনোৰম। এই ঠাইডোখৰ হেনো কাৰো নহয়। কাৰণ, ই এক জলধাৰাৰ বাবে বিখ্যাত ঠাই আৰু চুবুৰীয়া দেশ বাংলাদেশক ই বিভাজিত কৰিছে। কিন্তু, সেই বাছখন ডাউকিলৈ সুকীয়াকৈ যায়। গতিকে আমাক অন্য ঠাই বাছনি কৰিবলৈ দিলে। এই সুযোগতে সোধ-পোছ কৰি এখন ওলোমা দলং চাবলৈ বুলি বেলেগকৈ টেক্সি ভাৰা কৰা হ'ল। লগতে এখন গাওঁ-মৌলিংলংলৈ যোৱাতো ঠিক হ'ল, যিখন এছিয়াৰ ভিতৰতেই এখন পৰিষ্কাৰ পৰিচন্ন গাওঁ বুলি বিখ্যাত হৈছে। সেয়াও যাত্ৰাটোৰ শাৰীতেই আছিল। এতেকে, ডাউকি মুখী মনটোক সামৰি আমি উৎসাহেৰে ৰাওনা হ'লোঁ ওলোমা দলং খন আৰু পৰিষ্কাৰ গাঁওখন চাবলৈ বুলি। বৰ জীয়ৰী আৰু পুত্ৰই সমল গোটোৱাত তেতিয়াও ব্যস্ত। দুয়োটা অলপ বজাৰলৈও গ'ল। উভতি আকৌ সিহঁতৰ আলোচনা-সাধুকথা আৰু লোককথা। এইদৰে, ২৩ তাৰিখটো মৌলিংলং আৰু ওলোমা দলংখনৰ অভিজ্ঞতাৰে সামৰিবলৈ তৎপৰ হৈ উঠিলোঁ। বাহিৰত তেতিয়াওঁ কিনকিনীয়া বৰষুণ। আমি শ্বিলঙৰ প্ৰাকৃতিক সৌন্দর্যৰ মাজত সোমাই পৰিলোঁ আৰু ইটো সিটোৰ লগত নিজৰ ইচ্ছা অনুভূতি প্ৰকাশ কৰাত ব্যস্ত হৈ পৰিলোঁ। তাৰ পিছতেই ঠিক হ'ল স্কাই ৱাক কৰাৰ। তাৰ বাবে আমি ডনবক্স মিউজিয়াম লৈ গ'লোঁ। যথেষ্ট বৃহৎ আকাৰৰ বিল্ডিং।স্কাই ৱাকৰ অনুভূতি আছিল একবাৰেই অসাধাৰণ। মনটো এই খিনি সময়তে বহুত সাহসী যেন অনুভৱ কৰিছিলোঁ। এনে লাগিছিল পৃথিৱীৰ সেউজীয়াবোৰ একাষত আৰু মই শুকুলা মেঘৰ মাজেৰে তাৰেই ইতিবৃত্ত লিখিবলৈ আৰম্ভ কৰিছো। তাৰ পিছত মনত সাহস গোটাই পিছল বাটবোৰৰ ওভতনিত একাপ একাপ কফি খালোঁ। আমাৰ কথাবতৰাৰ মাজত ইহুদী সংস্কৃতি আৰু খ্ৰীষ্ট ধৰ্ম লগতে আছিল সংৰক্ষণ কৰি থোৱা মিউজিয়ামৰ সমগ্র আচবাবসমূহৰ কথা-সংৰক্ষণ আৰু প্ৰতিপালনে অঞ্ছলটোত এক জাগৰণৰ সৃষ্টি কৰিছে বুলি দাঁঠি কব পাৰি। তথাপি এনে লাগিছিল যেন তেওঁলোকে ধৰ্মৰ কথা প্ৰকাশ কৰিবলৈ যাওঁতে নিজস্ব সংস্কৃতিক সদায়েই আগস্হান দিছে। ই আমাৰ বাবে প্ৰেৰণাদায়ক আৰু বাৰে বাৰে গুৰুজনাৰ প্ৰতি আমাৰ ভাৱসমূহ আকৌ এবাৰ ভক্তি আৰু শ্ৰদ্ধাৰে ভৰি পৰিছিল।

(আগলৈ) 










 


Sunday, March 6, 2022

"A good disciple should take the negative expressions of the teacher in the right spirit"

Teaching learning music 

A teacher and a student used to have a very strong bond at least in a traditional authoritarian teaching method which has been sustaining from a long period of time.In Indian tradition, the oral transmission is considered as one of the prior way to teach students. This kind of teaching is totally teachers' centric and the teacher gets dictatorship. Besides, in this authoritarian kind, one can begin with conception making of the concerned subject and make the students able to memorise knowledge or information. It had been followed where the teacher teaches the lessons orally to the students. This is the case in teaching music or some ancient scriptures such as the vedas and the shrutis. Similarly the case of learning ancient music can also be traced back where the target behaviour in a musical learning situation in an authoritarian teaching produces exactly a musical phrase or a few notes in exactly the same way as the teacher. In a musical situation of the sort, it is generally a positive reinforcement with more talented students. But before reaching the stage,a student has to learn the basics thoroughly, which involve patience practice on the part of the student and equal or more amount of patience to teach on the part of the teacher. Often teachers may feel that continuous positive reinforcement can make a student overestimate his capacities and lead to a deterioration in musical developement rathar than a progress. They may feel continuous praise or appreciation may be more hazardous. But it is not like so!

A Guru whom is believed to be perceived through meditation or many angles finding many points to do an self development or improvement and hence often uses negative reinforcement so as to controll the student as well as to help to make a progress. Hence, a teacher in a authoritarian teaching is also a task master while outsiders seem to be praising his student. Therefore, it is believed that a good student should take the negative expressions of his teacher but in the right spirit.Students whom are bright in their lifestyle with music and it's practices, it's quite sure that they are always sharp in memories and able to repeat a phrase quickly. They also show other desired behaviours such as improvising the phrases, creatively producing more musical talents etc.Its the learning and practising the various ragas, dhruva sangeet in a definite time of a day or night. Hence, teaching learning music in an authoritarian teaching method is more practised than read or write. There is no elevation of teaching and learning space, but of course there are some rules or niti to do practices in respect of age and experience of the student. Thus, the authoritarian teaching learning not only creates a limitation with the use of space and time factors. But it helps to nourish a good student to become an obedient disciple who none other than gets enough scope to find out his or her own capability to exist in a field. An authoritarian teaching hence is way to live a complete life with tradition and wisdom. Therefore, why not to proceed with a spirit of good disciple under our teachers and help ourselves as well as the teachers to take out the negative expressions in the right spirit? Its all about going with old souls in our mind with love, gratitude and with a mind of tremendous energy. 




Sunday, February 20, 2022

প্ৰতিভাৰ ভিত্তি

 'গুৰুপদ নুভুলিবি মন তই'  - এইবুলি গুৰুভক্তিৰে অনুপ্ৰাণিত এগৰাকী মানুহ। তেওঁ হ'ল ব্ৰজাঙ্গী আই আৰু গোপাল আতাৰ কণ্যা পদ্মাপ্ৰিয়া।আই পদ্মাপ্ৰিয়া আছিল এগৰাকী প্ৰতিভাশালী নাৰী। প্ৰথম অসমীয়া মহিলা কবি ৰূপে খ্যাত আই পদ্মাপ্ৰিয়া হৈছে ভৱানীপুৰীয়া গোপাল আতাৰ সুযোগ্য জীয়ৰী যাৰ জৰিয়তে নাৰী সমাজে ভক্তিৰ সাধনা কৰিবলৈ সুযোগ লাভ কৰিছিল। গোপাল আতাই স্হাপন কৰা ভৱানীপুৰ সত্ৰৰ জৰিয়তে নিচেই কম বয়সতে প্ৰেৰণা লাভ কৰা আই পদ্মাপ্ৰিয়া এগৰাকী ধাৰ্মিক মহিলা আছিল।তেওঁ দক্ষতাৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল এখন 'মহিলাৰ সত্ৰ'। কেৱল সেয়াই নহয় স্বতাধিকাৰৰ লালসাক উলাই কৰি বিদূষী ৰূপত প্ৰতিষ্ঠা লাভ কৰা এইগৰাকী নাৰীয়ে ধৰ্মাচাৰ্য্যৰ আসনক আকাঙ্খা নকৰি কেৱল শিষ্য প্ৰশিক্ষণ দিয়াৰ সৎ মানসেৰে তেওঁ ধৰ্মভ্যাস কৰিছিল। এইদৰেই তেওঁ সমাজক দিবলৈ চাইছিল প্ৰাকৃতিক ভাৱে সু-সম্পদা ভৱানীপুৰৰ বাঢ়ৈমাৰা নামৰ জানটোৰ কাষৰিত এক যথোচিত ধৰ্মমহল।কিন্তু দুৰ্ভাগ্যজনকভাৱে পিতাক আৰু জীয়ৰীৰ সহযোগেৰে আৰু উমৈহতীয়াকৈ প্ৰতিষ্ঠা কৰা ভৱানীপুৰ সত্ৰ আৰু কালজাৰ সত্ৰ স্হাপন কৰাৰ পিছতেই পদ্মাপ্ৰিয়াই জীৱনকালৰ শেষ কালছোৱা যথেষ্ট আক্ষেপ আৰু অনুশোচনাৰে ভুগিছিল। কোনো কোনোৱে ক'ব বিচাৰে যে শেষৰ কালছোৱা তেওঁ নিজাকৈ ধৰ্মস্হান নিৰ্মাণ কৰি ধৰ্মচৰ্চা কৰিছিল।

দেখা যায় যে, নাৰীৰ বাবে এটা জীৱন সাথঁৰ হৈ ৰোৱাৰ উদাহৰণ এক স্বাভাৱিক পৰিঘটনা। যিদৰে আই পদ্মাপ্ৰিয়াই নিজ প্ৰচেষ্টাৰে উচ্চ শিক্ষিত হোৱাৰ পিছতো জীৱনটোক এক সাঁথৰৰ ৰূপতেই অৱশেষত আৱিষ্কাৰ কৰিছিল ঠিক সেইদৰে এখন সুকীয়া সত্ৰ স্হাপনেৰে তেওঁ এটা পোহৰৰ বাট দেখুৱাই গৈছে। দেৱীত্ব গুনেৰেই পৰিপূৰ্ণ আছিল তেওঁ আৰু সেয়ে হয়তো তেওঁৰ মৃত্যুত সমাবেশ হৈছিল অসংখ্য ভকত ভকতনীৰ  আৰু অবিৰামভাৱে বৈ পৰা অজস্ৰ কাতৰ উশাহ। তৎস্বত্ত্বেও, তেওঁক 'ধৰ্মৰক্ষক' বা 'ধৰ্মাচাৰ্য্য' ৰ আখ্যা সমাজে দিব নুখুজিলে। সেয়ে ভক্তসমাজে তেওঁক অৱশেষত প্ৰথম মহিলা কবি, গীতিকাৰ, গায়িকা তথা বিদূষী হিচাপে এক মৰণোত্তৰ স্বীকৃতি দিছিল। 

সেয়েহে তেওঁৰ অন্ত্যোষ্টি ক্ৰিয়া সমাপন কৰা ঠাইডোখৰে হয়তো বহুবাৰ বিনাই বিনাই আকৌ সেই বিননিৰ ৰোল বহু সাৱধানে বতাহত মিলি যায়। সেই বতাহে কঢ়িয়াই কঢ়িয়াই প্ৰতিবাৰেই লৈ যায় 'পল্লা' নৈৰ পাৰলৈ। ঠিক সেইদৰে যিদৰে মাক ব্ৰজাঙ্গীয়েও আই পদ্মাক কৈছিল---

'নদীখনৰ নাম পল্লা, আই।মানস অভয়াৰণ্যৰ এখন বিলৰ পৰা নৈখনৰ উৎপত্তি।বাৰ মাহে নৈত পানী থাকে বাবে পাৰৰ বাসিন্দাৰ নৈখন দৈনন্দিন জীৱনৰ সহচৰী। মোৰ ঘৰৰ পৰা পঞ্চাশগজমান দূৰত,এটা লুঙলুঙীয়া বাটেৰে নৈলৈ যাব পাৰি আৰু পথৰ দুয়োফালে সৰু-ডাঙৰ বিভিন্ন বনৰীয়া গছ-বাখাতিতা,ভেণ্ডেৰা,ঘোৰানিম,আজাৰ আদি।বাখতিতাৰ গছবোৰত বগাই আগুৰি ৰাখিছে আকাশীলতাই।মাজে মাজে জামেনী বনবোৰেও নিজৰ....'

ভকতসৱৰ যেতিয়া বৰচোতালত সমূহীয়া পালনাম এভাগ হয়, সকলোৱে সেই স্হানত পদ আওৰাব লয় আৰু  কৌশল্যাহ'তে এই ছেগতে বহাপীৰাৰ পৰাই আঁৰকাপোৰৰ পৰাই একেলগে 'আই' ক  কোঁৱৰে আৰু চেষ্টা কৰে আনিবলৈ  মনত  সেই একেই  'ভক্তি' ৰ ভাৱ-নানা অনুভৱ আৰু আলোচৰ জৰিয়তে।যি ভক্তিৰ শক্তিৰেই তেওঁ এদিন ত প্ৰতিষ্ঠা পালে আৰু এক সৃষ্টিশীল ধৰ্মীয় কাব্য প্ৰতিভাৰেই এদিন তেওঁ অমৰো হ'ল ইত্যাদি আৰু আটায়ে একেস্বৰে গুণগুনাই-'গুৰুপদ নুভুলিবি মন তই..' ।

(অন্ত)


(ড০ অমিয়া মহন্ত ৰচিত জীৱনভিত্তিক উপন্যাস 'পদ্মাপ্ৰিয়া' ৰ পৰা অনুপ্ৰাণিত হৈ সৃষ্টিশীল জগতখনৰ আতঁ বিচাৰি যাওঁতে লিখা একলম)

Saturday, February 19, 2022

সঁচাৰ কাঠী-এক সন্ধান

 মিছিঙ বাইদেউ তই কেনে আছ'?


আই.চি.ইউ.ত থাকোতেই মোৰ মনৰ কথা বুজি পোৱা সেই গহীন অথচ মৰমিয়াল মিছিং নাৰ্ছবাইদেউজনীৰ বা কি খবৰ!সংযোগ হেৰাই যোৱা বাইদেউজনী এ মোক যে ইমান বুজি পাইছিল! কিমান ধৰণেৰে যে মোৰ কাৰণে ডাক্তৰৰ পৰা গালি শপনি সহ্য কৰিছিল !তেওঁৰ গাত কোনো দোষ নাই আৰু মোক বুজাইছিলো যে কিমান সুন্দৰ কৈ-কেৱল মইহে জানো !আন কোনোবা হোৱাহেতেন, মোক চাগৈ গালি শপনি পাৰি কি কৰিলে হয় ঠিক নাই! প্ৰায়ে মনত পৰে আমাৰ -তেওঁৰ মৰমসনা বুজনিবোৰ-এতিয়া বা কোনজন ৰোগীক লৈ সেই আই.চি.ইউ.বোৰত, শুশ্ৰূষাত ব্যস্ত তেওঁ!! আলি আই লৃগাং আহিলেই মোৰ মনত পৰে তেওঁলৈ-আকাশ মাৰ্গত ফাগুণৰ সেই শিমলু ফুলৰ জুই হেন লানিধৰা বৰ্ণমালা আৰু  সবাতোকৈ সাহসী এজনী মিৰি জীয়ৰীৰ মুখ এখন-তেওঁ খুব কম কথা কয়। প্ৰায়েই মনে মনে থাকে! বহু দিন সময় কটালো মই সেই আই. চি .ইউ বোলা হাস্পাতালৰ ৰুমটোত। কিন্তু বাইদেউৰ লগত কোনোদিনেই পতা নহ'ল মিৰি জীয়ৰীৰ সাধু কথাবোৰ। মই এদিন খুব বিচাৰিলো তেওঁক, কিন্তু লগ নাপালোঁ। তেওঁ কৰবাত হেৰাই গ'ল বুলি মোৰ ভোক পিয়াহ নাই- কিন্তু বহুত চেষ্টা কৰিও মই তেওঁক লগ নেপালোঁ। এই নোপোৱাতেই ফাগুণ মোৰ আপোন হৈ উঠিল। বাইদেউজনী বুধবাৰৰ কিছুদিন আগৰ পৰাই ডিউটিত নাহে। 

মোৰ ভাৱ হয় তেওঁ এইবাৰো লৃগাংৰ সময়ত ডিউটিত অহা নাই।এইবাৰ তেওঁ যিকোনো প্ৰকাৰে 'গুমৰাগ্' কৰিবইই কৰিবহ্! তেওঁ নিশ্চয় হেপাঁহ ঢালি এইবাৰ আকৌ শৈশৱ আৰু যৌৱনকাল সোঁৱৰিছে। ঠিক মোক দৰৱপালি দিয়াৰ আগত যিদৰে শৈশৱছোৱাক মনত পেলাবলৈ কয়-আৰু মই নিমিষতে সেইবোৰ ভাবি থাকোঁতেই যে তেওঁৰ চিঞঁৰ এটা মাৰে- ফিনিছছছ্ বুলি!!লগে লগে কয়-পুৰঅঅ খুব ভাল পেছ্যেণ্ট ইত্যাদি। আকৌ কয়-"এইয়া চোৱা-হৈ গ'ল চেলাইনটো ফিটিং।গম পালা জানো?দুখেই নাপালাচোন! "

"বৰ টেঙৰ তেওঁ! বৰ ভালো তেওঁ!! -কিন্তু মোৰ সেইবোৰ দৰকাৰ নাই। মনেৰে ভাবো, 'মিছিঙ বাইদেউ তই কেনে আছ'?

আই.চি.ইউ.ত থাকোতেই মোৰ মনৰ কথা বুজি পোৱা সেই গহীন অথচ মৰমিয়াল মিছিং নাৰ্ছবাইদেউজনীৰ বা এতিয়া কি খবৰ! সদায় ভাবো। মই জানো তেওঁ এইবাৰো ডিউটিত অহা নাই।এইবাৰ তেওঁ যিকোনো প্ৰকাৰে 'গুমৰাগ্' কৰিবইই কৰিবহ্! তেওঁ নিশ্চয় হেপাঁহ ঢালি আজি আকৌ এবাৰ শৈশৱ সোঁৱৰিব। তেওঁৰো যে হেঁপাহৰ পথাৰখন চাই চাই চকু নিজুৰোৱা আৰু 'ভাগিব নাজানো ককালটো' বুলি আগবাঢ়ি কৰিবলৈ অহা 'চঃমান' নৃত্যটো টো কিমান শুৱনি! প্ৰকৃতিৰ মাজত কৰিব পৰা নৃত্যৰ মাদকতাই বেলেগ। তেওঁৰ নিজৰেই কিমান আনন্দ লাগে চাগে বীজবোৰ 'ৰুৱা- সিঁচা' ৰ নৃত্যটো কৰোঁতে- তেওঁৰ নিজৰেই অশলাগ ভৰিদুখন- পথাৰৰ বহল পৰিধিটো মনতেই সুমুৱাই লব পৰা বিধৰ হৈ যায় নিশ্চয়ই সময়খিনি! 

আৰু যে কাষতেও থাকে একোজনী- পিছে পিছে কেতিয়ানো আহি চেওঁ ধৰিব খোজা বয়সীয়াল কঁকাল পৰাজনী! থিয় হৈ থাকে তেওঁ-বিষৰ বলত ভালেকৈ নাচিব নোৱাৰাৰ বেজাৰটো যে তেওঁৰ বহুত বেছি !তেওঁ কয় 'এনেকেহে ঘূৰাই বোলো এই 'দাকেঃ-কেঃনাক' বোলা টো' (মুদ্ৰা সেইটো)।

আৰু সেইবাৰ যে তেওঁ মোক ঔষধপালি বেজীৰে দিয়াৰ বাহানাৰে কি কি যে কৈছিল! কৈছিল -

"শস্যৰ বীজবোৰ গজালি মেলি মেলি যায়-লহপহকৈ বাঢ়ি বাঢ়ি যায়- বতাহত হালিজালি যায়-এবাৰ সোঁফালে, এবাৰ বাওঁফালে-দুয়োখন হাত ওপৰলৈ তুলি -এবাৰ সোঁফালে- আৰু এবাৰ বাওঁফালে-কনছাঙে ঐ"

তেওঁ সেইবাৰ গুমৰাগ নৃত্যৰ ঢোল-তালৰ  'লীনং' আৰু 'মাৰাবাং' বজাওতাটোক কিবা পুৰণিকলীয়া কথা এটা সোধাৰ কথা আছিল।সুধিলেনে নাই বা!তেওঁৰ বাবে ফাগুনৰ এই বুধবাৰটো বৰ আপুৰুগীয়া।তেওঁ ডিউতিৰ পৰা ছুটি লবই লব।সেইবাৰ নললে আৰু সেয়ে মোৰ লগত বহু কথা পাতিলে আৰু কৈছিলো মোক এইবুলি বহু আবেগত- 'আজি আলি-আই-লৃগাং।মই নাযাওঁ। মোৰ দায়িত্ব আছে'।




Sunday, February 13, 2022

সাতোটা চম্পা আৰু এটা পাৰুল ফুলৰ সাধু

এখন ৰাজ্যত মায়ঙী নামেৰে এখন যাদুকৰী আৰু মায়া লগা গাওঁ আছিল। গাঁওখনৰ কথাবোৰ বৰ বিচিত্ৰ আছিল। গাঁওখনৰ চাৰিসীমাৰ ভিতৰত কি মানুহ কি জীৱজন্ত্তু কি নদ নদী বা পাহাৰ ভৈয়াম-সকলোবোৰেই কথা বতৰা কৰিব পাৰিছিল। যাদুকৰী সেই গাওঁখনক আকালতো ভাতে লগ নেৰিছিল। এইদৰে সকলো দিশৰ পৰাই সেই ৰাজ্যৰ ৰজাজন বৰ সৌভাগ্যবান আৰু সমৃদ্ধশালী আছিল। ৰজাৰ বিশালকায় ৰাজপ্ৰসাদটোত তেওঁৰ ছয়জনী ৰাণী আছিল। লগতে আছিল হাজাৰ হাজাৰ লগুৱা লিক্চৌ আৰ অশ্বাৰোহী। ইমানবোৰ সুখ সুবিধা থকাৰ পিছতো ৰজাৰ মাত্ৰ এটাই দুখ আছিল যে, ইমান সমৃদ্ধিশালী হৈয়ো ৰজা নিঃসন্তান আছিল। ৰজাৰ মনটোও বহু দুখ আৰু অশান্তিৰে ভৰি পৰিছিল। কেৱল ৰজাই নহয়, গোটেই ৰাজ্যখনৰ প্ৰশাসকৰ মাজতো সেই একেটা কাৰণতেই বহুত অশান্তি আছিল। জহকালি এদিনৰ কথা। পুৱতি নিশা ৰজাই এটা সপোন দেখিলে। সপোনত তেওঁ দেখিলে যে আৰু এবাৰ যদি ৰজাই বিয়া কৰায়, তেন্তে সেই সপ্তম পত্নীৰ পৰা তেওঁ সন্তানৰ মুখ দেখিব পাৰিব। সন্তানৰ আশাত সেয়েহে তেওঁ আৰু এবাৰ বিয়া পাতিলে। নতুন কইনা দেখা পাই বাকীবোৰ ৰাণীৰ অতিপাত খং উঠিল। আগৰ ছয়োগৰাকী ঘৈণী স্বভাবতেই খুব অহংকাৰী আৰু চকুচৰহা বিধৰ আছিল। বিপৰীতে, সৰু ৰাণী কিন্তু খুব শান্ত আৰু নম্ৰ স্বভাৱৰ আছিল। সেয়েহে সৰু ৰাণীক ৰজাই বেছিকৈ মৰম কৰিছিল। সেয়েহে বাকী কেইজনী ৰাণীয়ে তাইক চকুপাৰি দেখিব নোৱাৰিছিল। তাৰ পিছত এদিন সৰু ৰাণী সন্তান সম্ভবা হ'ল।সেই সুখতে ৰজাই প্ৰজাৰ বাবে ৰাজকোষ আৰু ৰাজভান্ডাৰ খুলি দিলে যাতে প্ৰয়োজন সাপেক্ষে সকলোৱে ধনসোন আদি নিব পাৰে।চাওঁতে চাওঁতে সন্তান জন্ম পোৱাৰ সময় চাপি আহিল। ছয় ৰাণী আৰু লগতে এজনী গৃহপৰিচাৰিকাক লগত লৈ প্ৰসাদত সকলোৰে উগুলথুগুল লাগিল। ইফালে বাহিৰত ৰজাই সন্তানৰ মুখ চাবলৈ ৰৈ থাকিল।অজ্ঞান অৱস্থাতেই সৰু ৰাণীয়ে সাতোটা লৰা আৰু এজনী কণ্যা সন্তানৰ জন্ম দিলে। হিংসাতেই ছয় ৰাণীয়ে চক্রান্ত কৰি জন্মৰ পিছতেই সেয়েহে সন্তানবোৰ এটা এটাকৈ পানীত উটুৱাই দিলে। সৰু ৰাণীৰ অজ্ঞান অৱস্থাৰ সুযোগ লৈ প্ৰাসাদত কোৱা হ'ল যে ৰাণীয়ে গৰ্ভৰ পৰা সাতটা বেং আৰু এটা এন্দুৰৰহে হেনো জন্ম দিছে! এই কথা শুনি ৰজাই সৰু ৰাণীক ঘৰৰ পৰা বাহিৰ কৰি দিলে। তাৰ পিছত দিনবোৰ সৰু ৰাণীৰ অবিহনে সেইদৰে পাৰ হ'বলৈ ধৰিলে আৰু চাৰিওকাষ নিমাওমাও হৈ পৰিল। এনেতে এদিন, ৰাজবাগানৰ মালীজন সেই চহৰলৈ পূজাৰ বাবে বাগানলৈ  ফুল তুলিবলৈ আহিল। বাগানখনত মালীয়ে দেখিলে যে, এডাল গছত সাতোটা চম্পা আৰু মাত্ৰ এটা পাৰুল ফুল ফুলি আছে। তেতিয়া ৰজাই ততালিকে আদেশ দি ক'লে যে, এইখিনিয়েই নিয়া যাওঁক। তাৰ পিছত মালীয়ে ফুল আনিবলৈ গ'ল।ফুল আনিবলৈ যাওঁতে এক আচৰিত ঘটনা ঘটিল-যিমানেই মালীয়ে ফুল তুলিবলৈ বুলি হাতখন ওপৰলৈ নিয়ে, সিমানেই গছৰ ঠাল-ঠেঙুলিবোৰ ওপৰলৈ গুছি গুছি যায়! এইদৰে মালীয়ে চেষ্টা কৰি থকাৰ মাজত তৎক্ষণাৎ গছডালে মাত দি উঠিল। গছডালে এইদৰে কথা কবলৈ আৰম্ভ কৰিলে-


"যদি ৰজা নাহে তেনেহ'লে এই গছৰ ফুল ছিঙিব  নোৱাৰি"। 


গছে মাত মতা শুনি মালীয়ে ৰজাৰ কাষলৈ ভিৰাই লৰ দিলে। মালীৰ মুখত এনে অদ্ভুত কথা শুনাৰ পিছত ৰজা ৰাজবাগানখনলৈ লৱৰি আহিল। কিন্তু ৰজা অহাৰ পিছত গছডালে পুণৰ মাত দি ক'লে -

"ডাঙৰ ৰাণী নাহিলে ফুল ছিঙিব নোৱাৰি"। 


ডাঙৰ ৰাণী অহাৰ পিছত ক'লে -

"মাজু ৰাণী নাহিলে ফুল ছিঙিব নোৱাৰি"। 


তাৰ পিছত নৃত্য পটিয়সী ৰাণীৰ নাম লয়। এইদৰে, সকলো ৰাণীৰ এজনী এজনীকৈ গছডালে নাম লবলৈ ধৰিলে। ৰাণীবোৰ আহি উপস্হিত হোৱাৰ পিছত সাতোটা চম্পা ফুলে এইবাৰ মাত দি উঠিল। ফুলবোৰে ক'বলৈ ধৰিলে-


"বনবাসলৈ যোৱা দুখুনী সৰু ৰাণী নাহিলে কোনেও ফুল ছিঙিব নোৱাৰিব!"


সেয়েহে, সাতোটা চম্পা ফুলৰ কথামতে সৰু ৰাণীক আনিবলৈ ৰজাই অশ্বাৰোহীক পঠিয়াই দিলে। ইফালে সৰু ৰাণীৰ কাপোৰ ছিঙি উঁৱলি যোৱা অৱস্থা।সেই বেশেৰেই ৰাণীয়ে ফুল ছিঙিবলৈ বুলি হাত আগবঢ়ালত লগে লগে গছৰ পৰা ফুলবোৰ গুছি মানুহ হৈ সাতোটা ৰাজপুত্ৰ আৰু এজনী ৰাজকন্যাৰ ৰূপেৰে তললৈ নামি আহিল। সিহঁতে 'মা' 'মা' বুলি 'আটাহ' লবলৈ ধৰিলে। সেই ডেডাউৰিয়া শুনি সৰু ৰাণীয়ে সকলোকে কাষ চপাই ললে। তাৰ পিছত সিহঁতে ৰাণীসকলৰ অপকৰ্মৰ কথাবোৰ এটা এটাকৈ কবলৈ ধৰিলে। তেনে দুষ্পাপ আৰু অমানৱীয় কথাবোৰ শুনি ৰজাৰ ভীষণ খং উঠিল। ৰজাই তাৰ পিছত এটা ডাঙৰ আৰু দ' খাৱৈ খন্দুৱাই তাত এসোপামান কাঁইট, জেং দি ৰাণীকেইজনীক পুতি থলে। এইদৰে ৰজাই সেই ৰাজ্যত ৰাজমেল পাতি ন্যায়ৰ বিচাৰ কৰিলে। তাৰ পিছত ৰাজ্যত প্ৰজাও সুখে সন্ত্তোষৰে দিন কটাবলৈ ললে। 

আচলতে সিহঁতবোৰক যদিওবা মাৰি পেলোৱা হৈছিল, সিহঁতবোৰ আচলতে মৰি যোৱা নাছিল। বৰং ফুলৰ ৰূপ লৈ গছৰ ডালত জীয়াই আছিল আৰু সৰু ৰাণী অহালৈ বাট চাই আছিল।এইদৰে, সৰু ৰাণীৰ সৎগুণৰ বাবে তেওঁ সেই দেওঁলগা জয়াল ঠাইতো নিজৰ পৰিয়ালৰ সাতোটা সদস্যক ফুলৰ পৰা মানুহ কৰি পুণৰ জীয়াই আনিলে আৰু নিজৰ ৰাজ্যখনত হেঁচা মাৰি ধৰা এটা অভিশাপ এনেদৰেই খণ্ডন হ'ল।



Friday, February 4, 2022

এটা চৰাইৰ সাধু

এখন সৰু গাঁৱত এটা হাড়গিলা চৰাই আছিল। তাৰ পৰিয়ালৰ সকলোবোৰ মানুহে পহুক নামে এখন নদীৰ পাৰত বাস কৰিছিল। নদীখনৰ আনটো পাৰে নাতিদূৰৈত এটা অতি পুৰণি জলাশয় আছিল। তাতেই সেই হাড়গিলাটোৱে নিজ পৰিয়ালৰ পৰা দূৰৈত অকলে বসবাস কৰিছিল।নিতৌ পক্ষী ধৰিবলৈ অহা চিকাৰীবোৰৰ লগত চৰাইটোৱে তাৰ পিছত বহুত সংগ্ৰাম কৰিছিল আৰু প্ৰাণৰ ভয়ত লুকাই ফুৰিছিল। প্ৰতিদিনাই বিশাল সেই জলাশয়ৰ পৰা চৰাইটোৱে খুচুৰি খুচুৰি নিজৰ বাবে খোৱা বস্তু যোগাৰ কৰি উলিয়াইছিল আৰু ৰাতি হ'লে গছৰ ডালত  পৰি ৰৈছিল।চৰাইটোৱে জলাশয়ত কোনো অসুবিধা পোৱা নাছিল আৰু নিজৰ সকলো ধৰণৰ খোৱাবোৱাৰ সুবিধা পাইছিল।বিচৰা মাত্ৰকে মাটিতেই সকলো পোৱাৰ বাবে ই আনকি ক'লৈকো নগৈছিল।এইদৰে আনকি চৰাইটো উৰিবও পাহৰি গৈছিল।কেতিয়াবা কেতিয়াবাহে  তাত সৰু সৰু কেঁচুৱা পোৱালিৰ কান্দোন শুনিলে ক'ব নোৱাৰাকৈয়ে বেগাই উৰি গৈছিল আৰু তাৰ পৰা কেঁচুৱাবোৰ তুলি আনি আকৌ মানুহৰ তাত থৈ আহিছিল। চৰাইটো যথেষ্ট শক্তিশালী আছিল। সেয়েহে ই কেঁচুৱাবোৰ মুখত কঢ়িয়াই লৈ তাৰ পিছত নদীখনৰ সিপাৰে ল'ৰা ছোৱালী নথকা কোনোবা দম্পতিৰ কাষত থৈ আহিছিল। নদীৰ পাৰত বসতি কৰা সকলেও সদায় জাবৰ জোথৰত পৰি থকা হাড়গিলাটোক সেয়েহে একো ক্ষতি নকৰিছিল। গাঁৱৰ বুঢ়া সকলেও হাড়গিলাটোক এটা অমৰ জীৱ বুলি কৈছিল আৰু আশীর্বাদ দিছিল। তেওঁলোকে কৈছিল যে চৰাইটোৰ দেহৰ খোলাত এটা যাদুকৰী শিল আছে যিটোৰে সকলো সাপৰে বিষ নাইকিয়া কৰিব পৰা যায়। এই বিশেষ শিলটো কোনোবা পাকৈত চিকাৰীয়েহে আহৰণ কৰিব পাৰে। কিন্তু তাৰ বাবে চৰাইটোৰ ঠোঁটে ভূমি স্পৰ্শ কৰিব নোৱাৰাকৈ তাক মাৰি পেলাব লাগিব। সেয়েহে হাড়গিলাটোক লৈ চিকাৰীবোৰৰ সদায় হেতা-ওপৰা লাগিছিল। 

এদিনাখনৰ কথা। গাঁৱৰে হেকুঁকীবাই নামৰ যাদুশক্তি জনা এজনী মহিলাই যাদুকৰী শক্তিৰে নিজৰ চকুচৰহা শত্ৰুটোকো খঙতে এটা হাড়গিলা চৰাই কৰি পেলালে। তাৰ পিছত সেই হাড়গিলাটোৱে কথাটো বুজি পাই হেকুঁকীবাইৰ ল'ৰাটোক চুৰ কৰিবলৈ পাং পাতিলে। সেয়ে জাবৰৰ মাজতো লৰাটো তাই বিচাৰি ফুৰিবলৈ ধৰিলে। এইদৰে সদায় চৰাইটোৱে জাবৰ জোথৰবোৰ খোচৰে আৰু কোনোবা কেঁচুৱা পালেই হেকুঁকীবাইৰ পুতেক বুলি তুলি লৈ যায়। তুলি অনা কেঁচুৱাবোৰ চৰাইটোৱে কোনোবা লৰা ছোৱালী নথকা ঘৰৰ আগত থৈ যায়হি।এনে কথাবোৰে লাহে লাহে নৈপৰীয়া মানুহবোৰক অশান্তি দিবলৈ আৰম্ভ কৰিলে। কাৰণ, তেওঁলোকেও গম পালে যে সেই কেঁচুৱাবোৰ চৰাইটোৱে সৃষ্টি কৰা নহয়, বৰং জাবৰত পোৱা কোনোবা বেলেগৰহে পেলনীয়া কেঁচুৱা। তেতিয়াৰ পৰা নৈপৰীয়া লোকসকলে হেঁকুকীবাইক এঘৰীয়া কৰিলে। আনফালে চৰাইটোৰ পৰা হাত সাৰিবলৈ মানুহবোৰে গাঁৱত দুৱাৰ খিৰিকী নোহোৱা ঘৰ সাজিবলৈ আৰম্ভ কৰিলে। লগতে ঘৰবোৰো ইমান ওখ ওখ কৈ আৰু এনেভাৱে বনাবলৈ ললে যে চৰাইটো আহিলেও যাতে কাকো আমনি নকৰাকৈ ছালৰ একেবাৰে ওখ অংশত পৰি থাকিব পাৰে । এইদৰে ঘৰসমূহৰ দুৱাৰ খিৰিকীবোৰ বন্ধ দেখি এদিন চৰাইটো এখন ঘৰৰ ছাঁদৰ একেবাৰে মুধত পৰিল। ইতিমধ্যে মানুহগিৰিৰ বেয়া বেমাৰবোৰো ভাল হবলৈ ধৰাটো ৰাইজে মন কৰিলে।মানুহবোৰৰো চৰাইটোৰ প্ৰতি বিশ্বাস জন্মিল। লাহে লাহে সেইখন ঘৰৰ ওখ ছালিতেই হাড়গিলাটোৱে বাহঁ সাজিবলৈ ললে। তাৰ পিছত সেই ঘৰৰ সৌভাগ্যবোৰ লাহে লাহে বাঢ়ি গ'ল। নিলগে থাকি ভাল পোৱা হাড়গিলাটোৱেও তাৰ পিছত প্ৰতিদিনেই বাহঁলৈ উভতি আহিবলৈ ললে। এইদৰে মানুহৰ পৰিয়ালৰ লগত চৰাইটোৱেও পৰিয়াল নিৰ্মাণ কৰিবলৈ শিকিলে।লাহে লাহে চৰাইটো সকলোৰে চিনাকী হৈ উঠিল আৰু মানুহৰ মাজত সফল আৰু সৌভাগ্যৰ প্ৰতীক হৈ পৰিল। এতেকে দেখা যায় যে, মানুহৰ সুস্থ আচৰণে কিদৰে চিকাৰী চৰাই এটাকো অনায়াসে ঘৰচীয়া কৰি তুলিব পাৰে। এতেকে মানুহে সদায় প্ৰেৰণাদায়ক আচৰণেৰে নিজৰ পৰিৱেশ গঢ়িবলৈ, জীৱন নিৰ্বাহ কৰিবলৈ আৰু পৰিৱেশেৰে সকলো জীৱকে অনুপ্ৰাণিত কৰিবলৈ শিকিব লাগে। 




Wednesday, November 17, 2021

"প্ৰকৃত সত্যৰ আগত পৰাজয় স্বীকাৰ কৰা"

 

এজন বৰ ধনী মানুহ আছিল। তেওঁৰ এটা ল'ৰা আছিল। সি সৰুৰে পৰা বৰ মৰমত ডাঙৰ হৈছিল। সুখ সুবিধা পোৱাৰ বাবে সি একো কৰিবলগীয়া হোৱা নাছিল। এইদৰে তাৰ জীৱনটো কামবন নোহোৱা এজন এলেহুৱা লোকৰ দৰে হৈ পৰিছিল। পিতাকে বহুত বুজোৱাৰ পিছতো তাৰ জীৱনত একো এটা সালসলনি নহ'ল। সকলো সম্বন্ধীয় ভাই-ভনীয়ে এদিন তাক ঘৰৰ পৰা বাহিৰ কৰি দিলে। সিহঁতে ক'লে যে যি মানুহে নিজৰ কাৰনে একো নকৰে, তাক গোটেই জীৱন বহুৱাই খুৱাব নোৱাৰি। পিতাক আৰু পৰিয়ালৰ অবিহনে ল'ৰাটো এনে ঠাইলৈ যাবলৈ ওলায়, য'ৰ ঠিকনা সি নিজেও নাজানে।বাটত আগবাঢ়ি যাওঁতে তাৰ প্ৰচণ্ড ভোক লাগিল। তাৰ ঠিক পিছতেই সি এখন বাগিছা দেখা পালে। 


তাৰ পিছত সি দেখিলে যে বাগিছাখনৰ মালী গছৰ তলত নিহ্পালী দি শুই আছে। সেয়েহে সি সেইটোৱেই মনে মনে ফল ছিঙি খোৱাৰ উপযুক্ত সময় বুলি ভাবি লৈ আম পাৰিব ধৰিলে। সেয়েহে, সি বাগিছাৰ পৰা দুটা আম পাৰি খাবলৈ ধৰোঁতেই মালীয়ে তাৰ এই দুঃসাহসীকতাৰ উমান পালে। মালীয়ে তাক খেদি গ'ল। সি পলাই পত্ৰং দিলে। এনেতে দৌৰি দৌৰি সি এখন ঘোৰ অন্ধকাৰ হাবিত সোমাল। সি পুৱাৰ পৰা একো খোৱা নাছিল সেয়ে দুৰ্বল অনুভৱ কৰিলে আৰু ঠিক তেতিয়াই এটা কুকুৰ দেখিলে। তাৰ পিছত, সি লক্ষ্য কৰিলে যে কুকুৰটো তাতকৈও দুৰ্বল আৰু সেই বিশাল আৰু ঘন হাবিত এটা অকলশৰীয়া প্ৰাণী আছিল। এনেতে সি সিংহৰ গৰ্জন শুনিলে। তাৰ পিছত সি দেখিলে এটা সিংহ তাৰ ফালে চেঁচা লৈ দৌৰি আহি আছে। সি তৎক্ষণাৎ ওচৰৰ গছজোপা বগাই ওপৰলৈ উঠিল আৰু তললৈ চাই থাকিল। ইয়াৰ পিছত সি যিটো দৃশ্য দেখিলে, তাৰ পিছত সি ইমান হতবাক হ'ল যে, সি পুনৰাই ঘৰলৈ উভতি যাবলৈ বাধ্য হ'ল। সি দেখিলে যে প্ৰচণ্ড বেগত অহা সিংহটোৱে তাৰ মুখত লৈ অহা এমোকোৰা মাংসৰ অলপ কুকুৰটোক দিলে আৰু অলপো সময় নৰখি, তাৰ পিছত আগুৱাই গৈ থাকিল। সেই দৃশ্যটোৱে তাক ইমান আচৰিত কৰি তুলিলে যে সেই ঘন বননিৰ মাজত তেতিয়া ৰাতিপুৱা পুৱালে সি গমেই নাপালে। সি ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত ললে। ঘৰৰ পৰা সেইদৰে গুছি অহাৰ বাবে মনে মনে অনুশোচনাত দগ্ধ হ'ল। 

এতেকে প্ৰকৃত সত্যৰ আগত পৰাজয় স্বীকাৰ কৰিলে জীৱনৰ ভূলসমূহ বুজি পোৱাৰ লগতে নিজৰ সিদ্ধান্ত আৰু সামৰ্থ্যৰ প্ৰতিও অগ্ৰসৰ হব পাৰে।