Monday, December 12, 2022

ছন্দায়িত এজাকৰ কথা:প্ৰসংগ আঘোন

আঘোনৰ কথা: (১) 

মানুহৰ জীৱনতো বৰ মায়াময়। বিশেষকৈ জোনাক নিশাবোৰত মায়া সমূহে চাৰিওকাষে ৰূপালী পোহৰ বিলাই আৱৰি ধৰি ৰাখে সকলোকে। আঘোনৰ সোনোৱালী ধান আৰু লগতে আঘোনা কাইৰ সাধু সাধু যেন লগা অতীতৰ মহৌহৌ গীতৰ কথাবোৰো বৰ ৰসাল হৈ উঠে এই সময়তেই। ধান চপোৱা হ'ল নে হ'ল,মহৌ হৌ গাবলৈ সাজু হৈ উঠে প্ৰতিবছৰেই কেইজনমান চেমনীয়া। দিন বাগৰি মাহ হয়, মাহ বাগৰি বছৰ হয়, এইদৰে সময়বোৰ পাৰ হৈ গৈ থাকে তথাপি, আঘোন মাহৰ কথাসমূহৰ কেতিয়াও ওৰ নপৰে।

আঘোন মাহৰ কথা পাতি থাকিলে  জাতিটোৰ ল'ৰাবোৰ হৈ পৰে একো একোজন আঘোনা কাই আৰু ছোৱালীবোৰো হৈ পৰে একো একোজনী আঘোনী বাই। সৰুতে, আঘোনা কাই বুলিলে আমি আকৌ এজন শকত আৱত লোক বুলিহে ভাবিছিলোঁ যিজন শইচ পথাৰৰ মুখ্য মানুহ । মুখ্য অৰ্থাৎ পথাৰখনৰ আটাইবোৰ দিশেই যেনে: কঠিয়া ৰোপনৰ পৰা ধান পকি শইচ হৈ সেইবোৰ কাটি মৰণা মৰালৈকে-মাজতে জীৱ জন্তু য়ে পকা ধান তহিলং কৰিব অহাৰ বাবে সেইবোৰ ৰক্ষা কৰা, চোৱাচিতা কৰা ইত্যাদি পৰ্যন্ত- মুঠতে শইচ পথাৰ এখনৰ সমস্ত কামবন চম্ভালিব পৰা লগতে ৰখীয়া এজনৰ দৰে কাৰ্য্য কৰিব পৰা লোকক আমি আঘোনা কাই বুলি ভাবোঁ। তেওঁৰ হাতত নাঙল, গৰুএজাকৰ লগতে হাতত এডাল 'লৰু' (লাঠি-কামিৰ দৰে গোটা শকত বাঁহ) ও থাকে। এই ককাইটো সেই সেই পথাৰ থকা অঞ্চল সমূহৰ বাবে এজন দয়ালু আৰু সাহসী বীৰ। লগতে, চেঙেলীয়াবোৰৰ বাবে এজন আদৰ্শ পুৰুষ।

এইজন লোকক বাটে পথে-কেতিয়াবা পথাৰত নহলে বিশাল গছৰ ছাঁয়াত জিৰণি লোৱাও দেখা পোৱা বুলি কয় পিতৌ হ'তে। পুৱা-গধূলি গৰু চৰাবলৈ অহা যোৱা কৰা 'লাখৰ' হ'তে (চেমনীয়া গৰখীয়া ল'ৰা) তেওঁক প্ৰায়েই হেনো লগ পায়। সিহঁতেও এইদৰে অহা যোৱা কৰোঁতে চিনাকি হৈ মাজে সময়ে কথা-বাৰ্তাও হয়। নিজৰ দুখ, সমস্যাবোৰেৰে কেতিয়াবা বিলাপ কৰে। কেতিয়াবা যদি দেই পুৰা ৰ'দৰ আক্ৰোশ, কেতিয়াবা আকৌ মলয়া বতাহৰ লগত গোৱা গৰখীয়া গীত। কেতিয়াবা আকৌ বাঁহীৰ বিননি ইত্যাদি।আকাল ,দুৰ্যোগ আৰু দৰিদ্ৰতাৰ মাজেৰে পাৰ হোৱা মানুহৰ জীৱনৰ দুখ দুৰ্দশাবোৰ কেতিয়াবা কেতিয়াবা এইদৰে আঁতৰাই তেওঁলোকে। 

সিহঁতৰ চহা গীত সমূহ, আনহাতে, গোটেই চুবুৰী (চুবা) টোতেই জনপ্ৰিয়। এই জনপ্ৰিয়তাৰ আঁৰৰ কথাবোৰেই হৈছে এক বীৰত্বৰ গীত। এই গীতসমূহৰ সুৰৰ মাজতে আঘোনা কাইয়ে বিচাৰি পায় নিজৰ চেমনীয়া দিনবোৰ। গীতৰ মাজেৰে নিজে নিজে অভিজ্ঞতা লোৱা সাহসীকতাৰ প্ৰদৰ্শনবোৰক সোঁৱৰে আৰু লাখৰহতক ওভোতা বাটত কয়।  সিহঁতক কয় যে কিছুমান সাহসৰ অভিজ্ঞতা আৰু বীৰকথাবোৰৰ ৰচয়িতা সিহঁত নিজে নিজেই হ'ব লাগে আকৌ নিজেই একো একোজন দৰ্শকো হ'ব লাগে। এইদৰে ইজনে আনজনৰ দোষত্রুটিবোৰ দেখুৱাই দেখুৱাই হৈ পৰিব পাৰে একো একোজন প্ৰকৃত সখাবন্ধু স্বৰূপ। বিশেষ কিছুমান দিনত চেমনীয়াহ'তে সেই লাখুটি লোৱাজনক অনুকৰণ কৰিছিল -অৰ্থাৎ, বিভিন্ন ভাও দিয়ে-পথাৰত খেদি যোৱা সেই সাহসী সাহসী দৌৰা- ধাপৰাবোৰ কৰে, আকৌ লাখুটি লৈ গলগলীয়া মাত উলিয়ায় ইত্যাদি ইত্যাদি। এইদৰে সিহঁতৰ মাজত কথা শলগা এজনো ওলায়। যিজন অলপ লাজুকা স্বভাবৰ-যিজনে অনুকৰণ কৰা কথাটো সমূলি ভাল নাপায়। কিন্তু তাৰ বোলে কোনো নিজস্ব কথা বাৰ্তা নাই- কেৱল সকলোৰে লগত কথাৰ সোঁতত উটি ভাহি কেতিয়াবা যাব খোজে, কেতিয়াবা পলাই ফুৰে -এইবুলি সিহঁতে এইজনক এৰি নিদিয়ে। তাক  লৈ গৈ কৰবাৰ পৰা ফৰিং, নিগনি ইত্যাদি ধৰি আনে। মুঠতে সাহস গোটাবলৈ শিকায় এইজনক সিহঁতে। এই আটাইবোৰ লৈ সিহঁতে চেমনীয়া পূজা পাতে আৰু লগ-ভাত খায়। কেতিয়াবা কেতিয়াবা সেয়ে একো বিচাৰি নেপালে শলাগি ফুৰাটোকেই পুণৰ ভালুক সাজে-সাজি লৈ নাচিবাগি আনন্দ ফূৰ্তি কৰে। সিও উপায় নোহোৱাতহে গছগছনিৰ বাকলি-পাত পিন্ধি ভালুক নাচ কৰে। বাঁহী-সুতুলি বজাই নৃত্য কৰা, গীত গোৱা এইবোৰ সিহঁতে তাৰ পিছত ঘৰে ঘৰে গৈ কৰে। সিহঁতৰ প্ৰধান সম্পদ হৈছে সিহঁতৰ হাতৰ লাখুটিবোৰ। ঠিক সেই গছৰ তলৰ বুঢ়াজনৰ দৰে। কিমান নো শক্তি আছে সেই 'লৰু' ডালত!-তাকেই সিহঁতে নাচিবাগি, গীত গাই গাই পৰিৱেশন কৰে। (২) 

দৰাচলতে, কথা শলাগি ফুৰা প্ৰতিটো মানুহ যাৰ নিজৰ একো কামবন নাই, চিন্তা ভাবনা নাই-তাক সকলোৱে এইদৰেই জেৰা কৰিব লাগে বুলি সিহঁতেও গাওঁবাসীক দেখুৱাব বিচাৰে।  একো এটা নকৰাৰ বাবেই এজন লোক ঘোৰ অপৰাধী হৈ পৰাৰ নিয়ম আৰু দৃষ্টান্ত আছে সিহঁতৰ চুবাটোত। এৰা, যিজন মানুহে নিজৰ কাৰণে একো এটা নকৰে, তাক কোনে বহুৱাই বহুৱাই খুৱাব??-সেয়েহে, অসমৰ্থ মানুহবোৰৰ মাজতো ইহঁতে ভাগ বতৰা কৰে। তাৰ ভিতৰত থাকেগৈ-চকুকণা লোক আৰু পিঠিকুঁজা লোক। এইদৰে সিহঁতে সেই ককাইটোৰ লগত হোৱা কথোপকথন আৰু সাহসী দৃষ্টান্তৰ স্মৃতি সমূহৰ প্ৰেৰণাদায়ক কথাবোৰেদিয়েই এজন এজন পথাৰৰ ককাই ভাই স্বৰূপ হৈ পৰে। আনহাতে, গৃহে গৃহে কৰি ফুৰা নাচোনবোৰত বিশেষকৈ ভালুকটোক সিহঁতে বন্দী বনাই লোৱাৰ দৃশ্যই  গৃহস্থ সকলৰ মুখত আনন্দৰ হাঁহি বিৰিঙায়-গৃহস্হইয়ো যেন চেমনীয়াহ'তৰ সাহসত নিজকে বৰ সুৰক্ষিত অনুভৱ কৰে! কাৰণ, সেৱা আগবঢ়াই মাননি দিয়ে চেমনীয়া হ'তক,শলাগে সিহঁতৰ প্ৰতিভাক। সেয়েহে লাখৰহ'তৰ সেইবেলিকাবোৰত আনন্দৰ সীমা নাথাকে। কাৰণ, ভালুকক বন্দী কৰিবলৈ সমৰ্থ হোৱা মানে, বাঘো মাৰিব পৰা এক দক্ষতা। সেয়েহে, আনন্দতে আটায়ে ভালুকৰূপী চেমনীয়াটোকো লগে ভাগে ধন্যবাদ দিয়ে- সিহঁতৰ গাঁৱৰেই পথাৰৰ গুৰিতে থকা এডাল বিশাল গছজোপাৰ তলত। 

(৩) 

ভালুকৰূপী চেমনীয়াটো এতিয়া এটা দেও। কাৰণ, মানুহৰ পৰা ই ভালুক হৈ নাচ বাগ কৰিছে। সেয়েহে, সকলোৱে তাক লাখৰ দেও (গৰখীয়াৰ ভগৱান) সাজে। তাক আকৌ মানুহ কৰি দিবলৈ প্ৰাৰ্থনা কৰে। নিজৰ "লৰু লাখুটি" বোৰ মাটিত পুতি সেই গছডালক পুণৰাই সেৱা কৰে।অৰ্থটো -কিজানি বা এই খেলটোত কিবা দোষ ক্ৰুটী হৈ ৰৈ গৈছে, যদিহে ভালুকটোকো মনত অজানিতে আঘাত দিছে! ইত্যাদি। সেই এজোপা গছেই হৈছে সিহঁতৰ সকলো কথা বিবেচনাৰো সাক্ষী আৰু সিহঁত সেই গছদেৱতাৰ আগত একো একোটা অজলা -একো নজনা নুবুজা গৰুৰখীয়া হে!! -

'লাখৰ' গীত-

ঔ তলে গিৰ্ গিৰ্ পানী

সৰগ মাৰে টানি-টানি

পুঠি মাছটা অজলা

..... 

আৰু লাখুটিবোৰ?? 

শুনামতে, লাখুটিবোৰক তাৰ পিছত বাটৰুৱাই যম-লাখুটি বুলি নাম দিছিল। হাতত লাঠি একো একোডাল লৈ যমদূতৰ দৰে আহি ভালুকৰূপীটোক শাস্তি বিহিলে। বাটৰুৱাৰ মতেদি, ডাঙৰ গছৰ তলত বোলে ঘাঁহ-বনো নগজে। সেয়ে হয়তো সেই লাখুটিবোৰৰ ঠাইত সময়ৰ সোঁতত এজোপা এজোপা ফুল গছ গজি উঠে আৰু গৰখীয়াবোৰৰ কাহিনীবোৰ গুণগুনাই থাকে। শুনামতে, এই ফুলবোৰেও কথা কয়। সেয়ে দুপৰীয়া সেই বিশাল বিশাল গছৰ বাটেৰে কোনেও অহা যোৱা নকৰে।