এজন সৰ্বাত্মবাদী ব্যক্তিয়ে তেতিয়াই প্ৰাৰ্থনাত ৰত হয় যেতিয়া গোটেইবিশ্বখনে তেওঁক মান্য নকৰে। তেওঁলোকে এনেধৰণেৰে ভাবে যেন তেওঁ এই বিশাল পৃথিৱীৰ এক আৱৰ্জনা মাত্ৰ। তেনে ব্যক্তিয়ে সূক্ষ্মাতিসূক্ষ্ম কিছুমান অবাস্তব অনুভৱত ডুব যায় যেনে পাহাৰুৱা পৰুৱা, এখন মাছৰ স্কুল, নাইবা নীলা ৰংৰ ফূৰ্তি ইত্যাদি। এক অসম্ভবপৰ কথা। কিন্তু পিছত এজন সৰ্বাত্মবাদীয়ে প্ৰাৰ্থনাৰত হয়, যেতিয়াই তেওঁ কোনো কোনো ক্ষেত্ৰত বৈজ্ঞানিক দৃষ্টিভংগী চিন্তা কৰিবলৈ পৰা বিধৰ হয়। তাৰ বাবে পাহাৰৰ সুউচ্চ শিখৰেই এক উত্তম স্হান বুলি আমি পৰিয়ালৰ কেউটা সদস্যই ঠিক কৰিলো আৰু নাম দিলোঁ “ট্যু মেঘালয়া"।
“ট্যু মেঘালয়া”-এক ভ্ৰমণ যাত্রাৰ বিৱৰণ। (সংগ্ৰহ আৰু ৰচনা: নীলিমা বৰুৱা)
দুমাহমানৰ চিন্তা চৰ্চাৰ অন্তত আমি অৰ্থাৎ মই, পুত্ৰ আৰু বৰজীয়ৰী আবেলিপৰত গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ মেঘালয় ভ্ৰমণৰ উদ্দেশ্যেৰে। পঢ়ি থকা কালৰেই বান্ধৱী বীণা বৰাৰ ঘৰত ৰাতিটো থকা হ'ব বুলি ল'ৰাছোৱালী হ'তক কৈছো। বাচত যাওঁতে এটা কথাই মনত খুন্দিয়াই গৈ থাকিল। নিজৰ মনৰ একোণত কথা এটা সোমাই আছেই, মাত্ৰ মাজে সময়ে সেইটোৱে এটা পৰিৱেশত উক্ দি উঠে। আজিলৈ যে গুৱাহাটী মহানগৰীত মনৰ জোখাৰে ঘৰ এটা কৰিব পৰা নগ'ল আৰু পতিদেৱেও যে গুৱাহাটীত এটা ঘৰ কৰিম বুলি চিন্তা কৰোঁতেই সংসাৰৰ পৰা বিদায় মাগিলে!তাৰ পিছৰসময়ছোৱাত এই কথাবোৰ মোৰ বাবে অসম্ভব হৈ উঠিল। গতিকে গুৱাহাটী আপিলের বন্ধু-বান্ধৱী বা আত্মীয়ৰ ঘৰ বিচাৰিব লগাত পৰে। পৰাপক্ষত ৰাতি বিয়লি থাকিবলৈ অহা নপৰে নহ’লে সমস্যা আহি পৰে। চহৰৰ মানুহবোৰেও আজিকালি আলহী অহা বুলি গম পালে বিলাই চমকি যোৱাৰ দৰে হয়। সেয়ে বহুত বন্ধুৰ ঘৰত যোৱা বাদেই দিয়া হৈছে। শৈশৱৰে বান্ধৱী বীণা বৰা এতিয়া গুৱাহাটীৰ স্থায়ী বাসিন্দা আৰু তাই মোক জনালে যে, মহানগৰীৰ এখন বিখ্যাত হাস্পাতাল “ডাউন টাউন”ৰ পিছফালে নিজৰ ঘৰটোত অকলশৰীয়াকৈ থাকে। তাইৰ গিৰীয়েক এই সংসাৰ এৰি যাবলৈ বহু বছৰ হ'ল। তাইয়ো দুজনীছোৱালীক পঢ়ুৱাই শুনাই, বিয়ে বাৰু কৰোৱাই দি আজৰি হৈছে। তাই মাতিও থাকে প্ৰায়ে তাইৰ ঘৰলৈ। সেইকাৰণে আজি বীণাৰ ঘৰতেই থকাৰ কথাটো চিন্তা কৰি মোৰ যাত্ৰাটো আৰম্ভ। পিছদিনা পুৱা ৮-৩০ মান বজাত আমাৰ মেঘালয় ভ্ৰমণ আছে আৰু সেইবাবে, আমি সোনকালেই ৰাতিৰ আহাৰ মিলি জুলি গ্ৰহণ কৰিলোঁ আৰু আনদিনাতকৈ সোনকালেই শোৱাপাটী ললোঁ।
এক ব্যতিক্রমী পুৱা:
পিছদিনা ২০ আগষ্টৰ পুৱাবেলাটো বৰ উত্তেজনাৰ মাজেৰে আৰম্ভ হ'ল।আগদিনাই যুগুত কৰি থোৱা লাগতিয়াল সামগ্ৰী বোৰ পানী, ফল, ঔষধ ইত্যাদি বোৰ কঢ়িয়াই বীণা বন্ধু ৰ ঘৰৰ পৰা শ্বিলঙৰ অভিমুখে ওলালোঁ। এবাৰ ভাহিলোঁ টেক্সি এখন ভাড়া কৰি তিনিও আৰামদায়কভাৱে যোৱাটোহে ভাল হ'ব। কিন্তু পুত্ৰই সেইটো নাকচ কৰিলে। বাবুৰ মতে আমি হেনো অকলে যোৱাটো একেবাৰে সমীচিন নহ'ব। সেয়েহে অৱশেষত আমি টাটা চোমো এখানেই টিকট কৰি শ্বিলঙলৈ বুলি ৰাওনা হ'লোঁ। এই পুৱাৰ সুৰুযটো যেন বহুত ব্যতিক্ৰমী আছিল আৰু শ্বিলঙলৈ বুলি আৰম্ভ কৰা যাত্ৰাটোত চাৰিওকাষৰ মনোমোহা দৃষ্টিই ৰহণ সানি মন বোৰ পাতল কৰি কৰি লৈ গৈছিল। লাহে লাহে চাৰিওকাষৰ শীতল সাত পৰা ঠান্ডাত আমি গৰম কাপোৰ পিন্ধি ললোঁ।মনোৰম দৃশ্য বোৰ আৰু মন মুহি নিয়া পৰিৱেশ কিছুমান গৰকি গৰকি প্ৰায় ৪ ঘন্টা মানৰ মূৰত আমি মৌলাই নামৰ ঠাইত নামিলোঁ।চোমোখনক বিদায় দি আমি এইবাৰ বৰজীয়ৰীৰ মতামত শুনি স্হানীয় গাড়ীৰ বাবে অপেক্ষা কৰিবলৈ ললোঁ। আমি নেহু বিশ্ববিদ্যালয় যাব লাগিব প্ৰথমে।
মোক চাবি তহঁতে তোক চাব নাৰায়ণে:
বৰজীয়ৰীৰ মাজনীৰ অলপ অভিজ্ঞতা আছে বাবেই আমি বৰ বিশেষ চিন্তা নকৰি এখন উপযুক্ত হোটেলত থকাৰ সিদ্ধান্তটোকেই ললোঁ। তাতে হোটেলখনৰ নামটো আছিল আশুতোষ ইনন।গতিকে, শিৱ প্ৰভূৰ কথা সুঁৱৰি সুঁৱৰি ৰাতিটো হোটেলত আমি খোৱা বোৱা কৰি নিহপালি দিলোঁ। থকাৰ ব্যৱস্থাবোৰ ইমান সুন্দৰ আৰু পৰিপাটী আছিল যে আমাৰ খুব সোনকালেই টোপনী আহিল আৰু ৰাতিপুৱা খুব সোনকালেই উঠি আমি চেৰাপুঞ্জীলৈ ৰাওনা হওঁ। ছোমো স্টেণ্ডত আমি ৰুটি ভাজি খাই লৈ ট্যুৰিষ্ট বাছ সেৱা আস্হানলৈ খোজ লওঁ। আৰু বহুত উৎকণ্ঠাৰ মাজত আৰম্ভ হ'ল একেলগে ২৫ জন যাত্ৰীৰ চেৰাপুঞ্জীলৈ যাত্ৰা-ট্যুৰিষ্ট গাইডৰ সুন্দৰ অভিবাদনৰ কথাবোৰেৰে মই এই যাত্ৰাটোৰ নাম থলোঁ-“হিমশীতল শ্বিলঙৰ ঝাও গছৰ মাজে মাজে” । গাড়ীখন চলিবলৈ আৰম্ভ কৰিলে আৰু মই ডুব গ'লো ১৯৯২ চনৰ সেই শ্বিলং ভ্ৰমণৰ সোঁৱৰণত। তেতিয়া আৰু এতিয়াৰ মাজত সুদীৰ্ঘ সোনোৱালী ২৮ বছৰ আৰু বিষাদভৰা কিছু কিছু অমাবস্যাৰ ক্ষন। তেতিয়াৰ শ্বিলংৰ লগত এই যাত্ৰাৰ পাৰ্থক্য পালোঁ। অৰ্থাৎ ভবামতে ঠান্ডা নাই আৰু পাতল গৰম কাপোৰ এখন ডিঙিত মেৰিয়াই লোৱাত একো অসুবিধা বোধ কৰা নাই। ট্যুৰিষ্ট বাছত গ'লে এটা কথা ভাল যে পেকেটত বহুকেইখন ঠাই চাব পাৰি-এইদৰে আমাৰ বাছখনৰ চাবলগীয়া বিবিধ গন্তব্য স্হানৰ ভিতৰত আছিল- এক প্ৰাকৃতিক গুহা- Mausumai cave, বিশাল নিমজ্জন জলপ্ৰপাত Nohkalikai
Falls,সাতভনী জলপ্ৰপাত-seven sisters
Falls, বিবেকানন্দ কেন্দ্ৰ ইত্যাদি। সচাঁকৈয়ে যাত্ৰাৰ শেষত আমি নথৈ আনন্দিত আৰু আপ্লুত হ'লোঁ।
এক কাপ চাহৰ চিপ আৰু লগে লগে
যাবলৈ সাজু হ'লোঁ এটা গুহাৰ ভিতৰলৈ:
গুহাটোৰ নাম মৌছুমাই গুহা। শ্বহৰা sohra বুলি ক'লেই সেয়া এনে এক নগৰৰ নাম যিয়ে সংযোগ কৰিছে এটা পথ য'ত এক বিশাল পাহাৰৰ ভিতৰত আছে চমৎকাৰী গুহা। ই এক পুৰণি ঘন বনস্পতি অৰ্থাৎ জোপোহা জাতীয় গছবন আৰু পিছল জাতীয় গছবনেৰে ভৰপূৰ গুহা। ইয়াৰ বাটপথবোৰ প্ৰাকৃতিকভাৱে সৃষ্টি সেয়েহে অসুচল আৰু দুৰ্গম। আমাৰ দুয়োজনীৰ বাবে ই প্ৰায় অসম্ভৱ। আমি পুৰা কৰিব নোৱাৰিলো কিন্তু বাবু আগবাঢ়ি গ'ল আৰু পুৰাকৈ চাই আনএফালেদি ওলাই আমাক পিছফালৰ পৰা মাত দিলে। আমিও আগবাঢ়িব নোৱাৰিম বুলি আধাছোৱাকৈয়ে উভতিলোঁ। সিদিনা আৰু বিশেষ একো চোৱা নহ'ল। ফুট গধূলি মাজেৰে পুলিচবাজাৰ নামৰ মুখ্য বজাৰখন পালোঁহি। খাই বৈ শুই পৰিলোঁ।ইহঁত দুয়োটা দিনটোৰ অভিজ্ঞতা বোৰ আলোচনা কৰিবলৈ ধৰিলে আৰু অধ্যয়নত ব্যস্ত হ'ল-বিষয় -অহা কালিৰ অলৌকিক এখন স্হান- sacred groove.
বিতণ্ডা আৰু সংকোচেৰে-লক্ষ্য অলৌকিক মৌফলঙ:
তাৰিখটো চালোঁ-২২। ০৮। ২০১৯ আৰু ঈশ্বৰ চিন্তি আলোচনা কৰা মতেই টেক্সীএখনৰ ব্যৱস্থা হ'ল। আমি প্ৰায় ৮.৩০ মানত ৰাওনা হ'লোঁ। ভাড়াটো অলপ বেছি ১৭০০ টকা। কিন্তু আমাৰ আজি সেই কথাটোক লৈ বৰ বেছি চিন্তা হোৱা নাই। কাৰণ, এই যাত্রাটো আমি স্ব-ইচ্ছাৰে বাছনি কৰিলোঁ,তাৰোপৰি অনুসন্ধিৎসু মন এটাই হে মোক মৌফলঙৰ অভিমুখে ঠেলি ঠেলি লৈ গৈছিল।লগতে আছিল আৰু এটা লোক কথাৰে ভৰপূৰ জলপ্ৰপাত “এলিফেন্টা ৱাটাৰ ফলচ” টো পুণৰাই চোৱাৰ হেঁপাহ।কিন্তু বাৰে বাৰে অলৌকিক তাৰ লেশবোৰে মনটোক বাৰে বাৰে খুন্দিয়াই লৈ গৈ আছিল। মনতো বহুত প্ৰশ্ন জাগিছিল-কিয় বা নাহে কালিৰ সেই ট্যুৰিষ্ট বাছবোৰ? অন্য কিবাৰকমৰ ভয় বা বিজতৰীয়া কথা আছে নেকি? ডকাইতৰ বাসস্থান নেকি এই মৌফলংখন? ইত্যাদি। এনেধৰণৰ কথাবোৰে বৰ আমনি কৰি আছিল। তাৰোপৰি ঠাইডোখৰ মুখ্য চহৰখনৰ পৰা দূৰৈত অৱস্থিত,লগত খোৱা লোৱাৰ যোগাৰ অলপ লোৱা হৈছে। শাৰী শাৰী পাইন গছৰ মাজে মাজে গৈ থাকোঁতে বুজাব নোৱাৰা আনন্দৰ অনুভৱেৰে প্ৰায় ২ ঘণ্টা মানৰ মূৰত আমি এখন বহল সেউজীয়া মসৃন দলিছা পাৰি থোৱাৰ দৰে এখন পথাৰ পালোঁ-ই প্ৰায় ১০-১২ একৰ মান মাটিৰ হ'ব। পথাৰখনৰ পূৱফালে দূৰে দূৰে দুটা পুৰণি ঘৰ। মানুহ নাই তাত। দুখন সৰু সৰু কৈ দোকাণৰ লেখীয়া পুৰণি ঘৰ। একো বস্তু কিনিবলৈ পোৱা নগ'ল। যিমান দূৰ অভিজ্ঞতা হৈছে, এইসমূহত মদৰ বটল পোৱা যায়। তাৰোপৰি কিছু সংখ্যক স্হানীয় খাচি সম্প্ৰদায়ৰ লোক দেখিবলৈ পালোঁ। এনেতে টেক্সিখনো ৰাখিলে আৰু তাৰ মাজৰ পৰাই দুজনমান খাচী লোক আমাৰ গাড়ীখনৰ ওচৰলৈ আগুৱাই আহিল।আমিও গম পালোঁ যে মৌফলঙৰ এই অংশখিনিয়েই আমাৰ গন্তব্য স্হান। সোধপোছ কৰি অৱশেষত ঝাওঁগছৰ আঁৰত প্ৰায় ১ কি. মি. মান দূৰত থকা sacred groove চাবলৈ বুলি আমি খোজ ললোঁ।ওচৰ পাই মই যাব নুখুজিলোঁ আৰু ইহঁত দুয়োটা উভতি অহালৈ অপেক্ষা কৰিবলৈ সিদ্ধান্ত কৰি ৰৈ দিলোঁ।পিছে মনটোক বুজাব নোৱাৰিলোঁ।কিবা এটা অথন্তৰ হওঁক তাতোকৈ নিজৰ ভৰিকেইখনকেই অলপ সাহস দি আগবাঢ়ি গ'লোঁ। আৰু এটা সময়ত আমি ঘোপমৰা আন্ধাৰৰ অনুভৱেৰে প্ৰায় বননিখনৰ ডাঠ অংশ ভাগত ভৰি দিলোঁ। প্ৰায় ১০ কি. মি. দীঘল এইখন হাবিৰ আশ্চৰ্য্যজনক বহুতো লোককথা তথা জনবিশ্বাস আমি গাইডজনৰ মুখে শুনি শুনি আগবাঢ়িলোঁ। লোককথাবোৰৰ শুনি আচৰিত হৈ হৈ আগুৱাই গৈ থাকিলোঁ। তেওঁলোকৰ দৃষ্টিত প্ৰকৃতিয়েও প্ৰকৃতিৰ নিয়ম সমূহ মানি চলে। সেয়েহে, এক নিৰ্দিষ্ট সীমাৰ বাহিৰত কোনোধৰণৰ ঘাঁহ-বন গজাঁ নাই।ই যেন এতিয়া আমাৰ বাবে বহুতো লোকজ্ঞানেৰে ভৰপূৰ এখন আচৰিত বননি।গাইডজনৰ লগত বাবুয়েই বেছিভাগ কথা পাতিছিল। আমি মৌন হৈ আছিল আৰু অনুসৰন কৰিছিলোঁ-মনত ৰাখিবলৈ আমাৰ এটাই কথা যে কোনো ধৰণৰ পাত, শিল ইত্যাদি যাতে আমি ইফাল সিফাল নকৰোঁ! আমি গৈয়েই আছিলোঁ আৰু বিভিন্ন ধৰণৰ পৌৰাণিক গছসমূহ দেখিবলৈ পাইছিলোঁ।মূল্যৱান দুই চাৰিডাল গছ লগতে ৰুদ্ৰাক্ষ গছৰ দেখিবলৈ পাইছিলোঁ। প্ৰায় ১১/২ঘণ্টা মানৰ পিছত আমি ওলাই আহিলোঁ আৰু আমাৰ অচল হৈ পৰা মোবাইলবোৰো সচল হ'ল। আমি যেন এক সেউজীয়া গভীৰ গহ্বৰৰ মাজত হে সোমাই আছিলোঁ আৰু একেকোবতে ওলাই আহিলোঁ। তাত সোমালে সময়বোৰ বহুত সোনকালে পাৰ হয় যেন লাগে। যদিওবা বাহিৰলৈ ওলাই আহিলোঁ, তথাপি কেইডালমান বিশাল আৰু বিয়াগোম গছৰ ছবি মনৰ চকুত ভাঁহি থাকিল। কথা প্ৰসংগত গাড়ীচালকজনৰ লগতো কিছু কথা পতা হ'ল, কাৰণ তেওঁ তেজপুৰ চিনি পায় আৰু এবাৰ আহিছিল। এইদৰে, মৌফলং,তেজপুৰৰ কথা কোৱাৰ মাজেৰে আমি প্ৰায় ১.৩০ মান বজাত এলিফ্যাণ্টা ৱাটাৰ ফলচ পালোগৈ।
কিয় আমি পুনৰাই লগ পালোঁ?
Sacred groove ৰ পৰা বৰ বিশেষ দূৰ নহয়, সেয়ে আমি সোনকালেই প্ৰায় আধাঘন্টা মানৰ পিছত ৱাটাৰফলচটো পালোহি।এই জলপ্ৰপাতৰ তিনি ঠাইত বিভিন্ন ধৰণৰ সংযোগ ভাঙি বৈ গৈছে। ইয়াক স্হানীয় লোক আৰু পৰ্য্যটক সকলে horsetail-punchbowl অৰ্থাৎ ঘোঁৰাৰ নেজ যিদৰে বাটিত এটা সৰু ছিদ্ৰ হয়, ঠিক সেইদৰে জলপ্ৰপাত এটাত হোৱা সামান্য আঘাতৰ পৰাই কেইবাটাও জলপ্ৰপাতৰ সৃষ্টি হৈছে। প্ৰথম ভাগটো দেখিবলৈ বহুত বহল আৰু গছৰ আঁৰতহে আছে। দ্বিতীয়ভাগটো প্ৰায় গৃহপালিত আৰু জাৰকালি গুৰুত্বহীন।তৃতীয় ভাগটো সবাতোকৈ উচ্চ আৰু চকুৰ পচাৰতে বিশালকায় ৰূপটো সামৰিব পৰা বিধৰ। ই আকৰ্ষণীয় কাৰণ বৈ অহা পানীবোৰ আছিল স্ফটিকৰ দৰে স্বচ্ছ আৰু অসংখ্য শৈলুৱৈপৰা তীক্ষ্ণতুংগ জাউৰিয়ে জাউৰিয়ে বিয়পি থকা শিলৰ ওপৰেদি ই দেখিবলৈ হৈ উঠিছিল বিচিত্ৰ আৰু অন্যান্য। জলপ্ৰপাতৰ দুয়োকাষে বিয়পি পৰা শৈলুৱৈৰ সেউজীয়াবোৰে সতেজতা কঢ়িয়াই আছিল। সঁচাকৈয়ে, শৈলুৱৈবোৰৰ প্ৰতি এনে দৃষ্টি ভংগী মোৰ বাবে আছিল আচৰিত আৰু প্ৰথম। ইয়াৰ পিছত কেউকাষে দূৰ দূৰলৈ অগণন চিনাকি বিহঢেকীয়া বোলা শাকবনবোৰ। এই গোটেই খিনি অনুভৱ কৰি থাকোঁতে গাইডে আমাৰ চিন্তাভংগ কৰি দিছিল আৰু কৈছিল-এই ফলচটোৰ পানীৰ ধাৰাবোৰ তেনেকুৱাই হয় যিদৰে এটা ভৰ্ত্তি পানীৰ বাতিত ফুটা হ'লে কেউ দিশে পানী ওফৰি পৰে আৰু তললৈ সোঁত বয়। ইমান অলৌকিক কাহিনীৰ মাজতো খৰস্ৰোঁত পানীৰ বিৰল বাস্তব অনুভূতিয়ে মনত এটা কথাই
কৈ থাকিল-‘আমিবোৰ প্ৰকৃতিৰ শক্তি অনুৰূপেৰে পুনৰাই লগ পালোঁ!মাত্ৰ সলনি হ'ল বহু
কিছু চাৰিওকাষৰ। ওপৰৰ পৰা তললৈ ভাঁজ লগাই চিৰি বগাই যাবলৈ যাত্ৰীসকলক অহা-যোৱাৰ সুবিধা কৰি দিয়া হৈছে’। আৰু আশুতোষলৈ উভতিলোঁ। মন বোৰ বৰ ফৰকাল আৰু সুস্থ অনুভৱ কৰিছিলোঁ দ্বিতীয় দিনৰ এই ভ্ৰমণ অভিজ্ঞতাৰে।
স্কাইৱাক কৰিব পাৰিলো
ডাউকি বোলা এক স্হান আছে। অতি মনোৰম। এই ঠাইডোখৰ হেনো কাৰো নহয়। কাৰণ, ই এক জলধাৰাৰ বাবে বিখ্যাত ঠাই আৰু চুবুৰীয়া দেশ বাংলাদেশক ই বিভাজিত কৰিছে। কিন্তু, সেই বাছখন ডাউকিলৈ সুকীয়াকৈ যায়। গতিকে আমাক অন্য ঠাই বাছনি কৰিবলৈ দিলে। এই সুযোগতে সোধ-পোছ কৰি এখন ওলোমা দলং চাবলৈ বুলি বেলেগকৈ টেক্সি ভাৰা কৰা হ'ল। লগতে এখন গাওঁ-মৌলিংলংলৈ যোৱাতো ঠিক হ'ল, যিখন এছিয়াৰ ভিতৰতেই এখন পৰিষ্কাৰ পৰিচন্ন গাওঁ বুলি বিখ্যাত হৈছে। সেয়াও যাত্ৰাটোৰ শাৰীতেই আছিল। এতেকে, ডাউকি মুখী মনটোক সামৰি আমি উৎসাহেৰে ৰাওনা হ'লোঁ ওলোমা দলং খন আৰু পৰিষ্কাৰ গাঁওখন চাবলৈ বুলি। বৰ জীয়ৰী আৰু পুত্ৰই সমল গোটোৱাত তেতিয়াও ব্যস্ত। দুয়োটা অলপ বজাৰলৈও
গ'ল। উভতি আকৌ সিহঁতৰ আলোচনা-সাধুকথা আৰু লোককথা। এইদৰে, ২৩ তাৰিখটো মৌলিংলং আৰু ওলোমা দলংখনৰ অভিজ্ঞতাৰে সামৰিবলৈ তৎপৰ হৈ উঠিলোঁ। বাহিৰত তেতিয়াওঁ কিনকিনীয়া বৰষুণ। আমি শ্বিলঙৰ প্ৰাকৃতিক সৌন্দর্যৰ মাজত সোমাই পৰিলোঁ আৰু ইটো সিটোৰ লগত নিজৰ ইচ্ছা অনুভূতি প্ৰকাশ কৰাত ব্যস্ত হৈ পৰিলোঁ। তাৰ পিছতেই ঠিক হ'ল স্কাই ৱাক কৰাৰ। তাৰ বাবে আমি ডনবক্স মিউজিয়াম লৈ গ'লোঁ। যথেষ্ট বৃহৎ আকাৰৰ বিল্ডিং।স্কাই ৱাকৰ অনুভূতি আছিল একবাৰেই অসাধাৰণ। মনটো এই খিনি সময়তে বহুত সাহসী যেন অনুভৱ কৰিছিলোঁ। এনে লাগিছিল পৃথিৱীৰ সেউজীয়াবোৰ একাষত আৰু মই শুকুলা মেঘৰ মাজেৰে তাৰেই ইতিবৃত্ত লিখিবলৈ আৰম্ভ কৰিছো। তাৰ পিছত মনত সাহস গোটাই পিছল বাটবোৰৰ ওভতনিত একাপ একাপ কফি খালোঁ। আমাৰ কথাবতৰাৰ মাজত ইহুদী সংস্কৃতি আৰু খ্ৰীষ্ট ধৰ্ম লগতে আছিল সংৰক্ষণ কৰি থোৱা মিউজিয়ামৰ সমগ্র আচবাবসমূহৰ কথা-সংৰক্ষণ আৰু প্ৰতিপালনে অঞ্ছলটোত এক জাগৰণৰ সৃষ্টি কৰিছে বুলি দাঁঠি কব পাৰি। তথাপি এনে লাগিছিল যেন তেওঁলোকে ধৰ্মৰ কথা প্ৰকাশ কৰিবলৈ যাওঁতে নিজস্ব সংস্কৃতিক সদায়েই আগস্হান দিছে। ই আমাৰ বাবে প্ৰেৰণাদায়ক আৰু বাৰে বাৰে গুৰুজনাৰ প্ৰতি আমাৰ ভাৱসমূহ আকৌ এবাৰ ভক্তি আৰু শ্ৰদ্ধাৰে ভৰি পৰিছিল।
(আগলৈ)